Thieves escape from Dhemaji: আৰক্ষী চকুত ধূলি দি পলায়ন কৰা হৰেন পুনৰ পৰিল জালত

author img

By

Published : Dec 9, 2022, 10:16 AM IST

Updated : Dec 9, 2022, 11:51 AM IST

Thieves escape from Dhemaji Civil Hospital
আৰক্ষী চকুত ধূলি দি পলায়ন কৰা হৰেন পুনৰ পৰিল জালত ()

ধেমাজিত অঘটন ৷ কৰ্তব্যৰত আৰক্ষী চকুত ধূলি দি ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন চিকিৎসাধীন হৈ থকা ধৃত আচামী (Thieves escape from Dhemaji) ৷

ধেমাজি, 9 নৱেম্বৰ : আচামী হৰেন শইকীয়া ৷ অপৰাধৰ গোচৰত অভিযুক্ত হৈ আৰক্ষীৰ দ্বাৰা আটক হৈছিল হৰেন শইকীয়া নামৰ যুৱকজন ৷ ইয়াৰ পাচতে বুধবাৰে জিম্মাত থকাৰ অৱস্থাতে ধৃত হৰেনক অসুস্থতাৰ বাবে আৰক্ষীয়ে ভৰ্তি কৰাইছিল ধেমাজি অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে নিশালৈ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ধূৰ্ত আচামী হৰেনে (Thieves escape from Dhemaji Civil Hospital) ৷

কৰ্তব্যৰত আৰক্ষীৰ পহৰাৰ মাজতে চিকিৎসাধীন হৈ থকা এটা আচামীৰ পলায়নে চিন্তাত পেলালে ধেমাজি আৰক্ষীক ৷ এই লৈ জিলাখনৰ জনসাধাৰণৰ নিৰাপত্তাৰ নামত ধেমাজি আৰক্ষীৰ ভূমিকাক লৈও সচেতন মহলে তুলিছে এতিয়া প্ৰশ্ন ৷ চিকিৎসালয়ত পহৰাৰ নামত নিয়োজিত আৰক্ষীক বুৰ্বক সজাই অতি সহজতে এটা আচামীয়ে পলায়ন কৰা এই ঘটনাৰ পাচত ৰাইজৰ প্ৰশ্ন, এয়াই নেকি ধেমাজীৰ স্মাৰ্ট আৰক্ষী; যিয়ে এটা আচামীকো ধৰি ৰাখিব নোৱাৰে ৷

ইফালে জিম্মাৰ পৰাই এটা আচামীয়ে পলায়ন কৰা এই ঘটনাই নিদ্ৰা ভংগ কৰিলে ধেমাজি আৰক্ষীৰ ৷ শীৰ্ষ মহলৰ পৰা প্ৰশ্নৰ মুখামুখী হোৱাৰ পূৰ্বেই আৰক্ষীৰ দল নামি পৰিল পলাতক আচামী হৰেনৰ সন্ধানত ৷ খবৰ দিয়া হ’ল জিলাখনৰ প্ৰতিখন আৰক্ষী থানাত ৷

আৰক্ষী চকুত ধূলি দি পলায়ন কৰা হৰেন পুনৰ পৰিল জালত

উফ ৰক্ষা, আৰক্ষীৰ এগৰাকী লোকে সন্তুষ্টিৰ এটা হুমুনিয়াহ এৰি খবৰটো দিলে সংবাদ মহলক ৷ বোলে ধৰিলে, গোগামুখ আৰক্ষীয়ে বিচাৰি পালে হৰেনক ৷ আমাৰ এটা দলে গৈ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কৌপাতনিৰ পৰা বৃহস্পতিবাৰে দিনৰ প্ৰায় 11 মান বজাত গ্ৰেপ্তাৰ কৰিলে আচামীটোক ৷

উল্লেখ্য যে, PR 501/2022 নং এটা গোচৰৰ বিপৰীতে পঞ্জীয়ন হোৱা IPC U/S 448 (A ) /494 ধাৰাত অভিযুক্ত আছিল হৰেন শইকীয়া ৷ ধেমাজি আদালতৰ দ্বাৰা পলাতক ঘোষিত হৰেন আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হ’ল যদিও আৰক্ষীৰ বেহু ফালি পুনৰ চিকিৎসালয়ৰ পৰা পলায়ন কৰি এনেদৰেই পুনৰ গ্ৰেপ্তাৰ হ’ল আচামী হৰেন ৷

লগতে পঢ়ক : Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস

Last Updated :Dec 9, 2022, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.