ETV Bharat / state

Crime in Dhemaji : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাত নথি জালিয়াতিৰে চাকৰি লোৱা শিক্ষয়িত্ৰীক বৰ্খাস্ত

author img

By

Published : Aug 14, 2023, 5:57 PM IST

নথি জালিয়াতিৰে চাকৰি লৈ বিপদত শিক্ষয়িত্ৰী ৷ ইতিমধ্যে সংশ্লিষ্ট বিভাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে শিক্ষয়িত্ৰী গৰাকীক ৷

Teacher Fired for Forging Documents in Dhemaji
নথি জালিয়াতিৰে চাকৰি লৈ বিপদত শিক্ষয়িত্ৰী

নথি জালিয়াতিৰে চাকৰি লোৱা শিক্ষয়িত্ৰীক বৰ্খাস্ত

ধেমাজি, 14 আগষ্ট : নথি জালিয়াতিৰে চাকৰি লৈ বিপদত পৰিছে এগৰাকী শিক্ষয়িত্ৰী ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাতে শিক্ষা বিভাগত সংঘটিত হৈছে এই জালিয়াতি ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধেমাজিত ৷ ইতিমধ্যেই সংশ্লিষ্ট বিভাগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে শিক্ষয়িত্ৰী গৰাকীক ৷ শিক্ষা বিভাগত সংঘটিত হৈ অহা ভয়ংকৰ দুৰ্নীতিৰ পাছত এইবাৰ ধেমাজিত পোহৰলৈ আহিছে এই জালিয়াতিৰ ঘটনা ৷

জানিব পৰা মতে ধেমাজি শিক্ষাখণ্ডৰ অধীনত থকা মহাত্মা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ৰ (বৰ্তমান মহাত্মা গান্ধী হাইস্কুলৰ লগত সংলগ্ন) হিন্দু বিষয়ৰ শিক্ষয়িত্ৰী দিপুলীনা গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে বিভাগে ৷ শিক্ষয়িত্ৰী গৰাকীয়ে NCTE ৰ গাইডলাইন অনুসৰি যাৱতীয় তথ্য দিব নোৱাৰাৰ বাবে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে মেম' নং 231415/47 যোগে 23/07/2023 তাৰিখে চাকৰিৰ পৰা বৰ্খাস্তৰ নিৰ্দেশ প্ৰদান কৰে ৷ এই অনুসৰি ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াই 9 আগষ্টত মহাত্মা গান্ধী হাইস্কুলৰ প্ৰধান শিক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰে ৷

ইতিমধ্যে এই বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চিলাপথাৰত ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত ঘোচখোৰ বিষয়া-কৰ্মচাৰীক কৰায়ত্ব কৰাৰ সময়তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলাত শিক্ষা বিভাগত সংঘটিত এই কৰ্মকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, ভুৱা অথবা উপযুক্ত নথি-পত্ৰ নোহোৱাকৈ কেনেদৰে শিক্ষয়িত্ৰীৰ পদত নিযুক্তি লাভ কৰিলে সেয়া ৰহস্যজনক বিষয় হৈ পৰিছে ৷ ভুৱা নথিৰে চাকৰি লৈ চৰকাৰী দৰমহা উদৰস্থ কৰা এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দল-সংগঠনৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক : Partition Horrors Remembrance Day : ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.