ETV Bharat / state

চিয়াঙৰ কবলত জোনাইবাসীঃ দুজনক জীৱন্তে উদ্ধাৰ SDRF বাহিনীৰ

author img

By

Published : Jun 22, 2020, 1:22 PM IST

লুহিজান ঘাটৰ জোনাই নদীৰ সিপাৰে থকা প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা জোনাই মহকুমা প্ৰশাসনে লুহিজান ঘাটত এছ ডি আৰ এফ বাহিনীৰ এখন শিবিৰ স্থাপন কৰি ইঞ্জিন চালিত ৰবৰ নাৱৰে অঞ্চলটোৰ ৰাইজক পাৰাপাৰৰ ক্ষেত্ৰত সহায় কৰিছে ৷ আনহাতে দেওবাৰে লুহিজান ঘাটৰ জোনাই নদীত বয়বস্তু কঢ়িয়াই টুলুঙা নাৱেৰে পাৰ হোৱা দুজন লোক নাও বুৰি নদীত উটি যায় ৷ ফলত ঘাটত সহায়ৰ বাবে সাজু থকা এছ ডি আৰ এফ বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই প্ৰায় ডেৰ মিটাৰ নিলগত নাঁৱসহ লোক দুজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Jonai
জোনাই

জোনাই, ২২ জুনঃ চিয়াঙৰ কবলত জোনাইবাসী ৷ বিগত প্ৰায় এসপ্তাহে চিয়াং নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে জলমগ্ন কৰি পেলাইছে বৃহত্তৰ বেৰাচাপৰি অঞ্চল ৷ চৰকাৰৰ আঁচনিৰে নিৰ্মীয়মান ৫০ লাখ টকীয়া মথাউৰি চিঙি চিয়াং নৈৰ বাঢ়নী পানী মথাউৰিৰ ওপৰেৰে বাগৰি অহাত বানৰ কবলত পৰিছে জোনাইৰ বেৰা চাপৰিৰ ২০-২৫ খন গাঁও ৷ বৰ্তমান পানীৰ তলত কেবাখনো ঘৰৰ লগতে শ শ বিঘা কৃষিভূমি ৷

Jonai
জোনাই

ইফালে লুহিজান ঘাটৰ জোনাই নদীৰ সিপাৰে থকা প্ৰায় ১৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা জোনাই মহকুমা প্ৰশাসনে লুহিজান ঘাটত এছ ডি আৰ এফ বাহিনীৰ এটা শিবিৰ স্থাপন কৰি ইঞ্জিন চালিত ৰবৰ নাৱৰে অঞ্চলটোৰ ৰাইজক পাৰাপাৰৰ ক্ষেত্ৰত সহায় কৰিছে ৷ আনহাতে দেওবাৰে লুহিজান ঘাটৰ জোনাই নদীত বয়বস্তু কঢ়িয়াই টুলুঙা নাৱেৰে পাৰ হোৱা দুজন লোক নাও বুৰি নদীত উটি যায় ৷ ফলত ঘাটত সহায়ৰ বাবে সাজু থকা এছ ডি আৰ এফ বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই প্ৰায় ডেৰ মিটাৰ নিলগত নাৱসহ লোক দুজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

জোনাই

লগতে পঢ়কঃ দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা

উল্লেখ্য যে বিগত প্ৰায় তিনিবছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ কৰা দলংখন অসম চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম হেমাহি আৰু ঠিকাদাৰৰ গাফিলতিত আজিও সম্পূৰ্ণ নহ'ল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ফলত নদীখনৰ সিপাৰে থকা ১৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰীয়ে এক বিপদসংকুল যাত্ৰাৰে দৈনিক জোনাই সদৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷

কিন্তু ইমানৰ পিছতো এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই জোনাই বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ গাফিলতিৰ ফলত আজি পৰ্যন্ত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত নৰক যন্ত্ৰণাত ভুগিছে সাধাৰণ ৰাইজ ৷ সেয়ে বানপীড়িত বাহিৰ জোনাই ৰাইজে অতি শীঘ্ৰে দলংখন সম্পূৰ্ণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ বিভাগীয় কৃতপক্ষৰ ওচৰত দাবী জনাইছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.