ETV Bharat / state

Scam IN PMAY : প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:15 AM IST

মধ্য চিচি টঙানী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতি । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন ব্যক্তিক গৃহ প্ৰদানৰ অভিযোগ হিতাধিকাৰীৰ ৷ সংশ্লিষ্ট বিভাগত অভিযোগ দাখিলৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

Scam in PMAY in jonai Dhemaji
প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতিৰ অভিযোগ

প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতিৰ অভিযোগ

জোনাই, 12 নৱেম্বৰ: প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ আৱণ্টনত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ মধ্য চিচি টঙানী গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অন্য লোকক গৃহ আৱণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তটোৰ এগৰাকী বঞ্চিত হিতাধিকাৰীয়ে পঞ্চায়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে ।

আনকি বঞ্চিত দুৰ্ভগীয়া হিতাধিকাৰী পৰিয়ালটোৱে তেওঁলোকক কৰা অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি বিগত এবছৰৰো অধিক কাল পঞ্চায়ত কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে দুৱাৰে দুৱাৰে আবেদন-নিবেদন কৰিছে যদিও কোনো সুফল পোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰাপ্য বঞ্চিত এই হিতাধিকাৰীজন মধ্য চিচি টঙানী গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পিপলগুৰি গাঁৱৰ নিবাসী প্ৰয়াত বিৰু পাতিৰৰ পুত্ৰ পদৰাম পাতিৰ ।

উল্লেখ্য যে, পদৰাম পাতিৰৰ আই ডি ব্যৱহাৰ কৰি 2018-19 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত এটি গৃহৰ আৱণ্টন হৈছিল । কিন্তু পঞ্চায়তৰ সভাপতি আৰু অনান্যসকলে মিলি প্ৰকৃত হিতাধিকাৰী পদৰাম পাতিৰক নজনোৱাকৈ তেওঁৰ নামত আৱণ্টিত গৃহটো পঞ্চায়তটোৰ দক্ষিণ পিপলগুৰি মুৰ্কংচেলেক গাঁৱৰ অযোধ্যা পেগু নামৰ অইন এজন ব্যক্তিকলৈ হস্তগত কৰে বুলি চাঞ্চল্যকৰ অভিযাগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷ প্ৰাপ্য বঞ্চিত পদৰাম পাতিৰে পঞ্চায়তৰ সভাপতি ধৰ্মেন্দ্ৰ কুটুম, ৱাৰ্ড সদস্য ৰঘূনাথ পাতিৰ, থমাছ দলে আৰু ঘনকান্ত পেগু এই চাৰিজন ব্যক্তিয়ে কু-চক্ৰান্ত কৰি পদৰাম পাতিৰক প্ৰতাৰণা কৰিছে বুলি অভিযোগ তুলিছে ।

এই সন্দৰ্ভত যোৱা বছৰৰ আৰম্ভণিতে পঞ্চায়ত কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াত চিচিবৰগাঁও খণ্ড উন্নয়ন বিষয়া বৰ্ণালী গগৈৰ লগতে অৱগত কৰে । ইয়াতো কোনো সুদুত্তৰ নোপোৱাত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকক বিগত বছৰৰ 21 আগষ্টৰ দিনা এই সম্বন্ধত লিখিতভাৱে অভিযোগ দাখিল কৰে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন তুলিছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক: BJP member detained: সৰভোগত আছু সদস্যক মাৰপিট কৰাৰ অভিযোগত বিজেপি নেত্ৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.