ETV Bharat / state

মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 25, 2019, 8:36 PM IST

বিগত বহু বছৰে গাই নদীয়ে বিভীষিকাৰ সৃষ্টি কৰি আহিছে ধেমাজিৰ বহু অঞ্চলত ৷ মথাউৰিসমূহক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰা জলসম্পদ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ পৰিষদ ৷

গাই নদীৰ গৰাখহনীয়া ৰোধৰ দাবীত প্ৰতিবাদ ধেমাজিত

ধেমাজি,২৫ অক্টোবৰঃ বাৰিষা আতংকৰ সৃষ্টি কৰা ধেমাজি জিলাৰ অন্যতম গাই নদীক বৈজ্ঞানিক পদ্ধতিৰে খনন কৰি দুয়োপাৰৰ মথাউৰি নিৰ্মাণ কৰি ৰাইজক বান পানীৰ কৰালগ্ৰাসৰ পৰা মুক্তি দিয়াৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু চিচিবৰগাঁও আঞ্চলিক মহিলা পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শুকুৰবাৰে গাই নদীৰ দলঙৰ নিচেই কাষত ১৫ নং ঘাইপথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সভা কাযসূচী ৰূপায়ণ কৰা হয় ৷ গাই নদীৰ গৰাখহনীয়া ৰোধ কৰক,বৈজ্ঞানিক পদ্ধতিৰে খনন কৰি ৰাইজক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ হায় হায়,জলসম্পদ বিভাগ হায় হায়,অৰ্কমণ্য জলসম্পদ বিভাগ গ' বেক শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে,বিগত বছৰ সমূহত বালিজান,কৰফলনী পাম,সাপেখাতী,টকৌ বাৰী,ভেবেলী,মাজগাঁও, চুমনী গাঁও আদি অঞ্চল সমূহত গাই নদীৰ বানে বাৰিষা বিভীষিকা সৃষ্টি কৰি আহিছে যদিও আজিকোপতি কোনো এখন চৰকাৰে ৰাইজক নিৰাপত্তা দিব পৰা নাই ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই বাৰিষাৰ পূৰ্বেই অৰ্কমণ্য জলসম্পদ বিভাগটোৱে বৈজ্ঞানিক পদ্ধতিৰে নদীখন খনন কৰি দুই পাৰৰ মথাউৰি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ মথাউৰি সমূহক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰা জলসম্পদ বিভাগৰ মুৰব্বী অভিযন্তা,কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰ সকলক মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিবলৈ সকীয়াই দিছে সংগঠনটোৱে ৷

গাই নদীৰ গৰাখহনীয়া ৰোধৰ দাবীত প্ৰতিবাদ ধেমাজিত

লগতে পঢ়কঃ উত্তৰ গুৱাহাটী বটলিং প্লান্টত দুৰ্ঘটনাঃ প্লাণ্টৰ টেংকীৰ পৰা নিৰ্গত 500 ৰন্ধন গেছ

Intro:গাই নদীক বৈজ্ঞানিক পদ্ধতিৰে খনন আৰু মথাউৰি নিমা’ণ কৰাৰ দাৱীত বিশাল প্ৰতিবাদ যুৱ পৰিষদৰ ৷
Body:


ধেমাজি , ২৫ অক্টোবৰ : বাৰিষা আতংকৰ সৃষ্টি কৰা ধেমাজি জিলাৰ অন্যতম গাই নদীক বৈজ্ঞানিক পদ্ধতিৰে খনন কৰি দুয়োপাৰৰ মথাউৰা নিমা’ন কৰি ৰাইজক বান পানী কৰালগ্ৰাসৰ পৰা মুক্তি দিয়াৰ দাবীত শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চিচিবৰগাও আঞ্চলিক মহিলা পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গাইনদীৰ দলঙৰ নিচেই কাষত ১৫ নং ঘাইপথ ত ঘাইপথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সভা কাযসূচী ৰূপায়ণ কৰে ৷ গাই নৈ গৰাখহনীয়া ৰোধ কৰক , বৈজ্ঞানিক পদ্ধতিৰে খনন কৰি ৰাইজক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ হায় হায় , জলসম্পদ বিভাগ হায় হায় , অকমন্য জলসম্পদ বিভাগ গ বেক শ্লগানেৰে উত্তাল কৰে ৷ উল্লেখ্য যে বিগত বছৰ বোৰত গাই নৈ বানে ইয়াৰ পাশ্বৱতী’ অঞ্চলত ব্যাপক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷ বিশেষকৈ নতুন বালিজান , কৰফলনী পাম , সাপেখাতী , টকৌ বাৰী , ভেবেলী , মাজগাওঁ , চুমনী গাৱ ত নদীখনে বাৰিষা বিভীষিকা সৃষ্টি কৰি আহিছে যদিও আজিকোপতি কোনো এখন চৰকাৰে ৰাইজক নিৰাপত্তা দিব লোৱাৰক লৈ ক্ষোভিত হৈ পৰা প্ৰতিবাদীয়ে ঘাই পথটো অৱৰোধ কৰাৰ পিচতে গাই নৈ দলং তথা পথৰ দাঁতিতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সম্প্ৰতি জলসম্পদ বিভাগৰ বাবে মথাউৰিসমুহ খীৰতি গাই হৈ পৰাৰ ফলত বিভাগটোৰ মুৰব্বী অভিযন্তাৰ , কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰে কেৱল লুণ্ঠন অব্যাহত ৰখা বিভাগটোক তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজ তথা সংগঠনটোৱে ৷ সংগঠনটোৰ কেন্দ্ৰী য় সভাপতি উজ্জ্বল চুতীয়াই উপস্থিত থাকি বাৰিষাৰ পূবে’ই অকম’ন্য জলসম্পদ বিভাগটোৱে বৈজ্ঞানিক পদ্ধতিৰে নদীখন খনন কৰি দুই পাৰৰ মথাউৰি অত্যাধুনিক প্ৰযুক্তিৰে নিমা’ন কৰিবলৈ দাবী জনাইছে ৷ এইক্ষেত্ৰত কোনো ৰাজনীতি কাৰচাজি নচলিব বুলিও সকীয়াই দিয়ে ৷

byte..উজ্জ্বল চুতীয়া , কেন্দ্ৰী য় সমিতি ,। অসম জাতীয়তাবাদী যুৱ পৰিষদ। ( যুৱ ছাত্ৰ নহয় )


আজি প্ৰতিবাদী কায’সুচীত ধেমাজি জিলাৰ চিচিবৰগাও ৰাজহ চক্ৰ অন্তগৰ্ত অঞ্চলটোৰ দুই শতাধিক পুৰুষ - মহিলা প্ৰতিবাদীয়ে অংশ গ্ৰহন কৰে ৷



Pradunya Bharali , Dhemaji , Assam .25/10/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.