ETV Bharat / state

ধেমাজি প্ৰেছ ক্লাৱত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ সংবাদমেল

author img

By

Published : Mar 26, 2021, 1:12 PM IST

ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি বিজেপিক প্ৰত্যাহ্বান জনাই 113 নং ধেমাজি বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালে ৷ সংবাদমেলত কংগ্ৰেছৰ পাচঁটা গেৰাণ্টী জনসাধাৰণে বুজি উঠিছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ আহিলে বানমুক্ত ধেমাজি গঢ়া তথা কেইবাটাও সমস্যা সমাধান কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷

press-release-by-congress-candidate-sailen-sonowal-in-dhemaji-press-club
ধেমাজি প্ৰেছ ক্লাৱত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ সংবাদমেল

ধেমাজি,26 মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান বৃহস্পতিবাৰে সামৰণি পৰে ৷ সন্ধিয়া ৬ বজাত সামৰণি পৰাৰ পূৰ্বেই বিয়লি দুই বজাত ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে 113 নং ধেমাজি বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালে ৷ সংবাদমেলত প্ৰাৰ্থীগৰাকীয়ে কয় যে বিৰোধীয়ে ষড়যন্ত্ৰ কৰিলেও তাক প্ৰত্যাহ্বান জনাই তেওঁ বিজয়ী হব ৷ কংগ্ৰেছক এইবাৰ ধেমাজিবাসীয়ে আদৰি লৈছে ।

কংগ্ৰেছৰ পাচঁটা গেৰাণ্টী জনসাধাৰণে বুজি উঠিছে বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ একেদৰে সংবাদমেলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোণোৱালে কয় যে কংগ্ৰেছ মহাজোঁটৰ চৰকাৰখনে এইবাৰ দিছপুৰ দখল কৰিব ৷ ৰাইজে সঁহাৰি দিছে ৷ বিজেপিয়ে দম্ভালি মাৰিলেও সকলো উন্নয়নৰ কাম কংগ্ৰেছৰ দিনতে হৈছিল বুলি দাবী কৰে ৷ সেয়ে আগন্তুক দিনত চৰকাৰ আহিলে বানমুক্ত ধেমাজি গঢ়াৰ লগতে কেইবাটাও সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায় ৷ সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁই উপস্থিত থাকে ৷

লগতে পঢ়কঃ মছজিদ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত সেনা বাহিনীৰ মাজত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.