পৰিত্যক্ত অৱস্থাত জোনাইৰ জলসম্পদ উপ-সংমণ্ডল কার্যালয়

author img

By

Published : Nov 1, 2021, 10:41 PM IST

poor condition of jonai Water Resources Sub-Division Office
পৰিত্যক্ত অৱস্থাত জোনাইৰ জলসম্পদ উপ-সংমণ্ডল কার্যালয় ()

এটা বান বিধস্ত অঞ্চলত কেনেদৰে চলি আছে জলসম্পদ বিভাগৰ এটা কাৰ্যালয় ? ৰাজ্যৰ চৰকাৰৰ এই বিয়াগোম বিভাগটোৰ অকমণ্যতাক স্পষ্টৰূপত উদঙাই দিছে জোনাইৰ এটা জলসম্পদ উপ-সংমণ্ডল কার্যালয়ে ৷ কাৰ্যালয়টোৰ নামত আছে জহি-খহি যোৱা এটা ঘৰ ৷ কাৰ্যালয়ত উপস্থিত নাথাকে অভিযন্তা-কর্মচাৰী ৷ দুজন মান চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে চলাইছে কাৰ্যালয়টো ৷

জোনাই, ১ নৱেম্বৰ : ধেমাজি জিলাৰ বানবিধ্বস্ত জোনাই মহকুমাত জলসম্পদ বিভাগৰ কার্যালয়খনত বিৰাজ কৰিছে মৰিশালি সদৃশ পৰিৱেশে । বানবিধ্বস্ত জোনাই মহকুমাৰ জলসম্পদ বিভাগৰ উপ-সংমণ্ডল কার্যালয়ত প্ৰায়েই উপস্থিত নাথাকে বিভাগটোৰ কোনাে অভিযন্তা-কর্মচাৰী । এই জলসম্পদ উপ-সংমণ্ডল কাৰ্যালয়ত এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে কেইবাগৰাকী কনিষ্ঠ অভিযন্তা আৰু আছে কেইবাগৰাকী কৰ্মচাৰী ৷

পৰিত্যক্ত অৱস্থাত জোনাইৰ জলসম্পদ উপ-সংমণ্ডল কার্যালয়

কিন্তু আশ্চর্যজনকভাৱে জোনাই উপ-সংমণ্ডল কার্যালয়লৈ কোনাে দিনেই নাহে অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকল ৷ অভিযোগ মতে, অভিযন্তা তথা কনিষ্ঠ অভিযন্তাসকলে ধেমাজি জিলা সংমণ্ডল জলসম্পদ কার্যালয়ৰ এটা কোঠা দখল কৰি তাৰ পৰাই চলাই আছে এশ কিলোমিটাৰ দূৰৰ জোনাই উপ-সংমণ্ডলৰ কার্যালয়টো ৷ পিছে বিষয়াসকল অনুপস্থিতিৰ বাবে কাৰ্যালয়টোত উপস্থিত নাথাকে বাকী কৰ্মচাৰীসকলো ৷ ফলত এই কাৰ্যালয়টোৰ ৰখীয়াৰ দায়িত্বত থাকে দুজমান চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷

ইফালে, জহি-খহি যাবলৈ আৰম্ভ কৰিছে জোনাই জলসম্পদ উপ-সংমণ্ডল কাৰ্যালয়ৰ ঘৰটো ৷ সমান্তৰালভাৱে পচিবলৈ আৰম্ভ কৰিছে ঘৰটোৰ দৰ্জা-খিৰিকীও ৷ এক কথাত একেবাৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে জোনাই জলসম্পদ উপ-সংমণ্ডল কাৰ্যালয়টো ৷

কাৰ্যালয়টোৰ এনে অৱস্থাই ক্ষোভিত কৰি তুলিছে জোনাই বানপীড়িত লোকসকলক ৷ জোনাইবাসীৰ প্ৰশ্ন, কাৰ্যালয়টো পুনৰ কাৰ্যক্ষম হৈ উঠিব নে ? নে এইদৰে নিঃশেষ হৈ যাবলৈ এৰি দিব জলসম্পদ বিভাগটোৱে ৷ কেৱল নামত চলি থকা জলসম্পদৰ জোনাই উপ-সংমণ্ডল কার্যালয়টোৰ ক্ষেত্ৰত ধেমাজি জিলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক: লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.