ETV Bharat / state

কৰ্মচাৰীৰ সৈতে নহয়, অফিচিয়েল কাম-কাজৰ আলোচনা কৰে স্বামীৰ সৈতে !

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:09 PM IST

Silapathar municipality chairperson
পৌৰ সভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ক্ষুব্ধ ৯ গৰাকী ৱাৰ্ড সদস্য, চৰম মইমতালি আৰু বিত্তীয় খেলিমেলিৰ অভিযোগ পৌৰ সভাৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৷

ক্ষুব্ধ ৱাৰ্ড সদস্য

জোনাই, ২ ডিচেম্বৰ : ধেমাজি জিলাৰ ব্যস্ত ব্যৱসায়িক নগৰ চিলাপথাৰ পৌৰ এলেকাৰ উন্নয়নৰ বাবে গঠিত চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱণ্য পাইত দলেৰ বিৰূদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে সিংহভাগ ৱাৰ্ড সদস্যই । চৰম মইমতালিৰে সভাৰ কাম কাজ চলোৱাৰ লগতে কেইবাটাও গুৰুতৰ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন কৰি সভাৰ ৯ জনকৈ সদস্যই কালি ধেমাজি জিলাৰ আয়ুক্তৰ হাতত অনাস্থাৰ প্ৰস্তাৱ দাখিল কৰে ।

অসম চৰকাৰৰ পৌৰ আইন ১৯৫৬ ৰ ৪৬ নং ধাৰা অনুযায়ী নগৰৰ কাম কাজৰ সন্দৰ্ভত আলোচনা কৰিবলৈ কমেও মাহত দুবাৰ সভা অনুষ্ঠিত কৰিব লাগে । পিছে সভানেত্ৰী গৰাকীয়ে পৌৰসভা গঠন হোৱাৰ পৰা যোৱা ১৭ মাহত মাত্ৰ দুবাৰহে সভা আহ্বান কৰিছে । এইগৰাকী সভানেত্ৰীয়ে চৰম মইমতালিৰে পৌৰসভাৰ কাম কাজ পৰিচালনা কৰি আহিছে । সভানেত্ৰীগৰাকীৰ স্বামীয়ে পৌৰসভাৰ কাম কাজত নীতি বৰ্হিভূতভাৱে হস্তক্ষেপ কৰি নিজা স্বাৰ্থত প্ৰভাৱ বিস্তাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৱাৰ্ড সদস্যসকলে ।

তদুপৰি পৌৰ এলেকাৰ বিভিন্ন উৎসৰ পৰা কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়মত লিপ্ত হোৱাৰ লগতে সংগৃহীত কৰৰ অংক ব্যাপক ৰূপত অপব্যৱহাৰ কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে । চিলাপথাৰ পৌৰসভাৰ কাম কাজত ব্যৱহাৰৰ বাবে লোৱা স্কৰপিঅ’ বাহনখনৰ বাবত মাহে‌ ৫০ হাজাৰ টকা উলিয়াই নিয়া হয় । ইন্ধনৰ লগতে মেৰামতিৰ খৰচৰ কথা বাদেই । পিছে এই বাহনখন তেওঁ নিজা পৈত্ৰিক সম্পত্তিৰ দৰে বিয়া-শ্ৰাদ্ধ খোৱাৰ দৰে পাৰিবাৰিক কামত ব্যবহাৰ কৰি অহাৰ অভিযোগ উঠিছে ।

পৌৰসভাৰ কাৰ্যালয়ৰ সমীপতে এছ এম বি-২০/৬ টি এইছ এ এফ এছ চি/২০২৩-২৪/পি ডব্লিউ ডি অনুযায়ী ৬১,৯০,৩৩৮,৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত আছে এটা পানী যোগান আঁচনি । পিছে সভানেত্ৰীৰ বিশ্বস্ত ঠিকাদাৰৰ জৰিয়তে মাত্ৰা দুডালমান পাইপ, অলপ বেৰ নিৰ্মাণ কৰিয়ে প্ৰায় বুজন অংকৰ ধন উঠাই নিয়া বুলি অনাস্থা প্ৰস্তাৱত উল্লেখ কৰিছে ক্ষুব্ধ ৱাৰ্ড সদস্যসকলে । ১২ গৰাকী ৱাৰ্ড সদস্যৰে গঠিত চিলাপথাৰ পৌৰসভাৰ ৯ গৰাকীকৈ সদস্যই স্বাক্ষৰ কৰি জিলা আয়ুক্তৰ ওচৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পিচতে টোপনি ভাগিল সভানেত্ৰীৰ । অভিযুক্ত সভানেত্ৰী গৰাকীয়ে বিজেপি দলৰ দখলত থকা পৌৰসভাৰ বিদ্ৰোহী সদস্যসকলক ওভতাই আনিবলৈ যুদ্ধকালীন কুচকাৱাজ অব্যাহত ৰাখিছে । ইতিমধ্যে এগৰাকী ৱাৰ্ড সদস্যাক নিজাফলীয়া কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে । সভানেত্ৰী লাৱণ্য পাইত দলে বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ লোক ৰূপে সমাজত পৰিচিত । পৌৰসভাৰ সিংহভাগ সদস্যই এলাগী কৰা লাৱণ্য পাইত দলেক বিধায়ক ভূৱন পেগুৱে নাকী লগাবনে নলগাই পৰৱৰ্তী সময়ত পৰিলক্ষিত হ’ব বুলি ৰাইজে মন্তব্য কৰিছে ।

লগতে পঢ়ক : কিয় বিশেষ খিলঞ্জীয়া আস্থা দিৱস জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.