ETV Bharat / state

92nd Sankardev Sangha Conference: অধিৱেশনৰ দ্বিতীয় দিনা জনসমুদ্ৰত পৰিণত চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

author img

By

Published : Feb 11, 2023, 10:10 PM IST

Five lakh Devotees gathered at Paramanand Ata Samannya Kshetra in Jonai
ভক্তৰ ভিৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত

জনসমুদ্ৰত পৰিণত হৈছে জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ (Srimanta Sankaradeva Sangha) ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ দ্বিতীয় দিনাও অগণন ভকত-বৈষ্ণৱৰ পদধূলাত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত অধিবেশনস্থলী ৷

ভক্তৰ ভিৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত

জোনাই, ১১ ফেব্ৰুৱাৰী: উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি সমবেত হোৱা পাঁচ লক্ষাধিক ভক্তৰ উপস্থিতিৰে জনসমুদ্ৰত পৰিণত হৈছে ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ আৰু হচং পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ আজি দ্বিতীয় দিনাও পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল অধিৱেশনস্থলী (Sankardev Sangha Conference) ৷ লক্ষ লক্ষ ভক্তৰ সমাৱেশত জনসমুদ্ৰত পৰিণত অধিৱেশনস্থলী (92nd Srimanta Sankardev Sangha Annual Conference) ৷

হৰিনামৰ ধ্বনিত এক প্ৰকাৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে পৰমানন্দ আতা ক্ষেত্ৰ (Paramanand Ata Samannya Kshetra) ৷ অধিৱেশনৰ দ্বিতীয় অৰ্থা শনিবাৰে পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত পুৱা ৮ বজাত শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত জিলা শাখাৰ সভাপতি, সম্পাদক সন্মিলনৰ পাছত পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশনখন অনুষ্ঠিত হৈ যায় ।

সাহিত্য শাখা সমিতিৰ অধিৱেশনখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই । সন্মানীয় অতিথি হিচাপে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন উপস্থিত থাকে ।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই অংশগ্ৰহণ কৰি কয়, "যি সময়ত অসমখন অন্ধবিশ্বাস, কু-সংস্কাৰ, তান্ত্ৰিকতাৰে ভৰি আছিল-তেনে এটা গোমা পৰিৱেশৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল । গুৰুজনাই অজস্ৰ সংঘাত, ক্লেশৰ মাজত ভক্তিৰ নৱজাগৰণৰ দ্বাৰা বিশ্ব দৰবাৰত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি মানৱ সমাজৰ মাজত একতাৰ বান্ধোন কটকটীয়া কৰি থৈ গৈছে বুলি তেখতৰ ভাষণত উল্লেখ কৰে (Devotees gathered in Jonai)।

দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখনো অনুষ্ঠিত হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ মল্লিকা কন্দলী, পুৰিৰ বিশিষ্ট পণ্ডিত বাণীভূষণ শাস্ত্ৰীকে ধৰি কেইবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে শংকৰী সংস্কৃতিৰ বিশিষ্ট সাধক অজিত বৰাই অংশগ্ৰহণ কৰি বহুমূলীয়া ভাষণ আগবঢ়ায় (Srimanta Sankaradeva Sangha) ।

সন্ধিয়া ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ পাছত সন্ধিয়া ৬ বজাত সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ৬-৩০ বজাত অংকীয়া নাট পাৰিজাত হৰণ, ৰাম-বিজয় প্ৰদৰ্শন কৰা হয় । ইফালে ৬-৩০ বজাত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়াই বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন পেগুয়ে । সভাত লক্ষীপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰি কয় ভকত-বৈষ্ণৱৰ সান্নিধ্য লাভ কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা । চৌদিশে হৰিনাম ধ্বনিৰ মাজত নিয়াৰিকৈ অনুষ্ঠিত অধিৱেশনখনিৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশে হৃদয় ভক্তিৰসত সিক্ত কৰিছ বুলি বক্তব্য ৰাখে ৷

নিৰ্ধাৰিত অন্তিম কাৰ্যসূচী অনুসৰি ১২ তাৰিখে অৰ্থাৎ কাইলৈ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই । পুৱা ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । পুৱা ১১-৩০ বজাত ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা । মুকলি সভাখন উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বীৰেণ বৰাই ।

মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী, উদ্যোগ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক অমিয় ভূঞা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকিব ।

ইফালে মুকলি সভাত বিশিষ্ট গৱেষক ড৹ দ্বীজেন্দ্ৰনাথ ভকত উপস্থিত থাকিব । লগতে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিউজ লাইভৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুছেইন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰমানন্দ চায়েঙ্গীয়া, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মিহিনিশ্বৰ বসুমতাৰী, চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰা, সদৌ অসম নাথ-যোগী সন্মিলনৰ সভাপতি দীনেশ কাকতি আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা উপস্থিত থাকিব ৷

লগতে উপস্থিত থাকিব অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰা, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিতুল বুঢ়াগোঁহাই, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং আৰু সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ক্ষীতিশ বৰ্মন ৷

ইয়াৰ উপৰিও নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি দেৱকুমাৰ দাস, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নীৰেণ দেউৰী, সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা চেনীৰাম মালাং, সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ, আবৌফৰ সভানেত্ৰী দিপালী নাৰ্জাৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ অসম ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা, সদৌ অসম গৰীয়া মৰীয়া জাতীয় পৰিষদৰ উপ সভাপতি আজিজুল ৰহমানকে প্ৰমুখ্যে কেইবাগৰাকী সমাজকৰ্মী উপস্থিত থাকিব ।

সন্ধিয়া ৫-৩০ বজাত অনুষ্ঠিত হ’ব নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সভা । ৬ বজাত সমূহীয়া প্ৰাৰ্থনা, ৬-৩০ বজাত নাম প্ৰসঙ্গ আৰু সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ, নিশা ৭-৩০ অংকীয়া নাট নৃসিংহ যাত্ৰা প্ৰদৰ্শন কৰা হ’ব । অনুষ্ঠানটি উন্মোচন কৰিব বিশিষ্ট অভিনেতা বৈকুণ্ঠ প্ৰিঞ্চ পাঠকে ।

আনহাতে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ প্ৰথমদিনাৰ পৰাই মোবাইল সেৱা এক প্ৰকাৰ বন্ধ হৈ পৰাত সংবাদ কৰ্মীসকলে বাতৰি পৰিৱেশন কৰিবলৈ বিপাঙত পৰাৰ লগতে ভকত-বৈষ্ণৱ, অতিথিসকলৰ মাজতো আহুকালৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । স্মৰণীয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনৰ গ্ৰন্থমেলাত ২৮ খন গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানে গ্ৰন্থ বিপণী দিছে যদিও গ্ৰন্থ বিক্ৰী আশানুৰূপ ধৰণে হোৱা নাই বুলি জনালে গ্ৰন্থ বিপণীত থকা বিক্ৰেতাসকলে ।

সেই ধৰণে বাণিজ্য মেলাত অভ্যাগত তথা গ্ৰাহকে ভিৰ কৰিছে যদিও বিক্ৰী-বাৰ্তা ভবাৰ দৰে হোৱা নাই বুলি দোকানীসকলে সদৰী কৰে । উল্লেখযোগ্য যে যোৱা কালি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় শিশু আৰু আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভাই লোৱা সিদ্ধান্ত অনুসৰি অধিবেশনৰ ভোজনালয়ত ভকত-বৈষ্ণৱসকলক সেৱা আগবঢ়োৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: Sankardev Sangha Conference: দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.