ETV Bharat / state

অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ

author img

By

Published : Apr 14, 2020, 7:42 PM IST

সোমবাৰে নিশা প্ৰায় 1 বজাত জোনাইৰ 1 নং মূৰ্কংচেলেক গাঁৱৰ মজিত মিৰিৰ বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ঘৰটোত থকা বহু সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় বুলি জানিব পৰা গৈছে ।

massive fire in jonai
massive fire in jonai

জোনাই, 14 এপ্ৰিলঃ সোমবাৰে নিশা ধেমাজি জিলাৰ জোনাইত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত জাহ যায় এটা পৰিয়ালৰ বাসগৃহ । নিশা শুই থকা অৱস্থাত প্ৰায় 1 বজাত জোনাইৰ 1 নং মূৰ্কংচেলেক গাঁৱৰ মজিত মিৰিৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । মূহুৰ্ততে জুইৰ লেলিহান শিখাই মজিত মিৰিৰ বাসগৃহটো আগুৰি ধৰে । লগে লগে প্ৰতিবেশী ৰাইজ উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও, সেই সময়তে এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । কিছু সময় পিচতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও, ইতিমধ্যে ঘৰটোত থকা বহু সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় । তেওঁলোকৰ ঘৰৰ পাকঘৰৰ চৌকাৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

জোনাইৰ 1 নং মূৰ্কংচেলেক গাঁৱত অগ্নিকাণ্ডত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ

উল্লেখ্য যে, বৰ্তমান মজিত মিৰিৰ পৰিয়ালে চুবুৰীয়াৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছে । স্থানীয় ৰাইজে পাৰ্যমানে তেওঁলোকক আৰ্থিকভাৱে সহায়ো আগবঢ়াইছে ।

লগতে পঢ়কঃ লক্ ডাউনঃ আৰক্ষীৰ খেদাত প্ৰাণ গ'ল এজনৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.