ETV Bharat / state

কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উদ্যোগত ধেমাজিৰ গাঁৱে গাঁৱে প্ৰতিবাদী সভা

author img

By

Published : Jan 5, 2020, 2:25 AM IST

শনিবাৰে অসম-অৰুণাচল সীমান্তৰ ৰাইটিং অঞ্চলত আয়োজন কৰা হয় এক ৰাজহুৱা সভা ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজিত স্থানীয় দল-সংগঠনৰ সহযোগত গাঁৱে গাঁৱে অনুষ্ঠিত কৰিছে গণ প্ৰতিবাদী সভা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সংগঠনটোৰ এই নতুন প্ৰচেষ্টা ৷

নাগৰিকত্ব সংশোধনী আইন
প্ৰতিবাদী সভা

ধেমাজি,4 জানুৱাৰীঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে নতুন পন্থা ৷ সংগঠনটোৰ উদ্দেশ্যে হৈছে আইনখন সম্পৰ্কত জনসাধাৰণক সজাগ কৰা ৷ ধেমাজি জিলাত সংগঠনটোৰ উদ্যোগত আৰু স্থানীয় দল-সংগঠনৰ সহযোগত গাঁৱে গাঁৱে অনুষ্ঠিত কৰা হৈছে গণ প্ৰতিবাদী সভা ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ নতুন পন্থা

শনিবাৰে অসম-অৰুণাচল সীমান্তৰ ৰাইটিং অঞ্চলত আয়োজন কৰা হয় তেনে এক ৰাজহুৱা সভা ৷ অঞ্চলটোৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰা হয় উক্ত সভাখন ৷ সভাখনৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা দেবব্ৰত শইকীয়াই চৰকাৰৰ আক্ৰোশমূলক ষড়যন্ত্ৰৰ বিৰুদ্ধে সমালোচনা কৰে ৷ লগতে আইনখন বাতিল কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগ কামনা কৰে ৷

নাগৰিকত্ব সংশোধনী আইন
প্ৰতিবাদী সভা

লগতে চাওকঃ2020ৰ প্ৰথমখন T20: ভাৰত বনাম শ্ৰীলংকা

Intro:ধেমাজিত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উদ্যোগত গাৱে গাৱে কাৰ বিৰুদ্ধে গণ প্ৰতিবাদী সভাBody: ৷

ধেমাজি , ৪ জানুৱাৰী :কা ৰ বিৰুদ্ধে জনসাধাৰণক সজাগতা কৰাৰ উদ্দেশ্যৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ উদ্যোগত আৰু জাতি জনগোষ্ঠী ৰ দল সংগঠনৰ সহযোগত গাৱে গাৱে আৰম্ভ হৈছে গণ প্ৰতিবাদী সভা ৷ শনিবাৰে অসম - অৰুণাচল সীমান্তৰ ৰাইটিং অঞ্চলৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত কৰে গণ প্ৰতিবাদী সভা ৷ এই সভাৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভৱেন হালৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰী য় সমিতিৰ নেতা দেবব্ৰত শইকীয়াই চৰকাৰৰ আকোষমূলক ষড়যন্ত্ৰৰ নীতি বিৰুদ্ধে সমালোচনা কৰে ৷

Byte,1&2

Pradunya Bharali , Dhemaji , assam . 4/1/202Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.