ETV Bharat / state

Kati Bihu: জোনাইত কাতি বিহু আৰু লখিমী আদৰা পৰ্ব উদযাপন

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:15 PM IST

Kati Bihu celebration in Jonai
জোনাইত কাতি বিহু আৰু লখিমী আদৰা পৰ্ব উদযাপন

জোনাইৰ বিভিন্ন বড়ো গাঁৱত উলহ-মালহেৰে কাতি বিহু পালন । কাতি বিহু, লখিমী আদৰা, ধৰ্মালোচনা সভা, প্ৰাৰ্থনা পৰিৱেশন অনুষ্ঠান আদিৰে উদযাপন কৰা হয় কাতি বিহু । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে ।

জোনাইত কাতি বিহু আৰু লখিমী আদৰা পৰ্ব উদযাপন

জোনাই,১৯ অক্টোবৰ: অতীজৰে পৰা পৰম্পৰাগতভাৱে বাথৌ ধৰ্মাৱলম্বী বড়ো সমাজত মাজত চলি অহা লখিমী আদৰা অনুষ্ঠান ধেমাজি জিলাৰ লগতে জোনাই মহকুমাৰ বিভিন্ন স্থানত বৃহস্পতিবাৰে অতি উলহ-মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে । বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত মধ্য জোনাই আঞ্চলিক সমিতি আৰু বৰদণ্ডী গাঁৱৰ সহযোগত বৰদণ্ডী বাথৌ মন্দিৰত অনুষ্ঠিত কৰা কাতি বিহু আৰু লখিমী আদৰা পৰ্বৰ পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উপ সভাপতি বিলাম্বৰ খেৰকটাৰীয়ে ।

ইয়াৰ পাছতে বাথৌ মহাসভাৰ স্বৰ্গগতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ মহিলা সমিতিৰ সভানেত্ৰী হাংমাশ্ৰী দৈমাৰীয়ে । পুৱা ৯:৩০ বজাত লখিমী আদৰা কাৰ্যসূচীৰ পাছতেই বাথৌ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । পুৱা ১১ বজাৰ পৰা বিলাম্বৰ খেৰকটাৰীয়ে সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত বাথৌ ধৰ্মত কাতি বিহু আৰু লখিমী আদৰা পৰ্বৰ গুৰুত্ব শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপদেষ্টা ললিত চন্দ্ৰ বড়োয়ে কয় এখন ঘৰ বা এটা পৰিয়াল সুষ্ঠভাৱে পৰিচালনা কৰাত ধৰ্মীয় ৰীতি-নীতি সমূহৰ গুৰুত্ব যথেষ্ট আছে ।

এইক্ষেত্ৰত স্বকীয় পৰম্পৰা, আচাৰ-ব্যৱহাৰৰ শুদ্ধতা অনিবাৰ্য বুলিও সাৰুৱা বক্তব্য আগবঢ়ায় । অনুষ্ঠানত বাথৌ ধৰ্মৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক সুষ্ঠ আৰু চৰিত্ৰৱান হিচাপে গঢ়ি তোলা আৰু গুণগত শিক্ষা প্ৰদানত পিতৃ-মাতৃৰ দায়িত্ব শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱক্তা কল্পনা স্বৰ্গীয়াৰীয়ে কয় এজন ব্যক্তি সুষ্ঠ সৱল আৰু চৰিত্ৰৱান হ'বলৈ হ'লে পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগিব বুলি উল্লেখ কৰি উঠি অহা প্ৰজন্মৰ মাজত গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব বুলি বক্তব্য ৰাখি পিতৃ মাতৃয়ে সদায় নিজৰ সন্তানক এগৰাকী সু-নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত দায়িত্বসহকাৰে গুৰুত্ব দিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।

ইফালে বাথৌ মহাসভাৰ বাওখুংগ্ৰী আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰৰে পৰা দুদিনীয়াকৈ শিলিখাগুৰী বাথৌ মন্দিৰত অনুষ্ঠিত কৰা হয় কাতি বিহু আৰু লখিমী আদৰা অনুষ্ঠান । প্ৰথমদিনা বিয়লি ৬ বজাত বাথৌ আৰ'জ (বাথৌ প্ৰাৰ্থনা) পৰিৱেশনৰ পাছত বাথৌ আৰজ,খাম,ছেৰজা,চিফুং বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । বৃহস্পতিবাৰে পুৱা ১০ বজাত পুৰোহিতৰ নেতৃত্বত অপুষ্পিতা ছোৱালী সকলে দোণত নদীৰ পৰা লখিমী আদৰাৰ পাছত পুৱা ৭-৩০ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বাথৌ মহাসভাৰ বাওখুংগ্ৰী আঞ্চলিক সমিতিৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰীয়ে ।

ইয়াৰ পাছতে বাথৌ মহাসভাৰ মৃতকৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বাওখুংগ্ৰী আঞ্চলিক সমিতিৰ উপ সভানেত্ৰী ভানু বসুমতাৰীয়ে । ইয়াৰ পাছতে ৰত্নেশ্বৰ বসুমতাৰীৰ পৰিচালনাত অনুষ্ঠিত কৰা বাথৌ প্ৰাৰ্থনা পৰিৱেশন অনুষ্ঠানৰ উদ্বোধন কৰে আছুৰ প্ৰাক্তন উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে । অনুষ্ঠানত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে মুখ্য অতিথিৰ ভাষণত কয় পহিলা কাতিত পালন কৰি অহা লখিমী আদৰাৰ পৰম্পৰা আৰু সমাজ জীৱনত ইয়াৰ প্ৰাসংগিকতা সদায় আছে বুলি বক্তব্য আগবঢ়াই কৃষিজীৱী ৰাইজৰ কৃষিকৰ্ম আৰু জীৱন-জীৱিকাৰ সৈতে কাতি বিহুৰ সামঞ্জস্য থকাৰ কথা উল্লেখ কৰি কাতি বিহুৰ স্বকীয়তা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব থকা উচিত বুলি বক্তব্য ৰাখে ।

লগতে পঢ়ক: Durga Puja 2023 : মৰাণত ৫০ বছৰ গৰকা সাৰ্বজনীন দুর্গা পূজা উদ্বোধন কৰিব ৰাজ্যপালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.