ETV Bharat / state

Sexual harassment:কোন সঁচা, কোন মিছা; প্ৰকৃতাৰ্থত হৈছিল নে ধৰ্ষণ ?

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:44 PM IST

jonai rape case allegation of sexual harassment against school principal
প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ

অভিযোগকাৰী আৰু অভিযুক্ত দুয়োৱেই মানসিকভাৱে অসুস্থ ৷ এতিয়া পেৰেলাইছিচ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উঠা ধৰ্ষণৰ অভিযোগক সহজে মান ল’ব পৰা নাই গাঁওবাসী তথা স্কুলৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷ মানসিকভাৱে বিকাৰগ্ৰস্ত ছোৱালীজনীয়ে মৰমতে পুৰুষ-নাৰী সকলোকে সাৱটি ধৰে ৷

প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ

জোনাই, 9 অক্টোবৰ : প্ৰায় দুবছৰ দিনেই হ’ল পেৰেলাইজড হৈ আছে প্ৰধান শিক্ষকজন ৷ প্ৰেচাৰ ষ্ট্ৰ’ক হৈ এই অৱস্থা হ’ল তেওঁৰ ৷ লাখুটি লৈহে তেওঁ কোনোমতে খোজ কাঢ়িব পাৰে ৷ এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ ৷

মানসিকভাৱে অসুস্থ এগৰাকী কণমানি ছাত্ৰীৰ পৰিয়ালে তুলিছে এই অভিযোগ ৷ এই অভিযোগৰ কথা বিয়পি পৰাৰ লগে লগে হতবাক হৈ পৰে গাঁওবাসী ৷ তেওঁলোকৰ মতে বয়সস্থ প্ৰধান শিক্ষকজন তেনে স্বভাৱৰ নহয় ৷ ই নিশ্চয়কৈ এটা মিছা অভিযোগ ৷ শিক্ষকজনৰ পৰিয়ালৰ লগতে গাঁওবাসী তথা স্কুলৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীসকলেও এই অভিযোগ মানি ল’ব বিচৰা নাই ৷

বিগত প্ৰায় দুই বছৰে পেৰেলাইছিছত আক্ৰান্ত হৈ আছে জোনাইৰ ঐৰামঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজন ৷ এখন ভৰি আৰু এখন হাত সম্পূৰ্ণৰূপে বিকল হৈ পৰা শিক্ষকজনক ঘৰৰ মানুহে প্ৰতিদিনে বাইকেৰে থবলৈ আহে বিদ্যালয়লৈ ৷ আৰু মাত্ৰ ৪ টা মাহ আছে তেওঁৰ অৱসৰলৈ ৷ পৰিয়ালৰ লগতে বিদ্যালয়ৰ সহকৰ্মী তথা ৰাইজৰ মতে কোনোদিনে কাৰো অসৎ চিন্তা নকৰা তথা শাৰীৰিকভাৱে অসুস্থ শিক্ষক গৰাকীৰ বিৰুদ্ধে ই এক মিছা অভিযোগ ৷

আনহাতে অভিযোগকাৰী ছোৱালীজনী সন্দৰ্ভত সকলোৱে মত প্ৰকাশ কৰা অনুসৰি ছাত্ৰীগৰাকীও মানসিকভাৱে সুস্থ নহয় ৷ মৰম আকলুৱা আকৰী স্বভাৱৰ ছোৱালীজনীয়ে সকলোকে সাৱটি ধৰে আৰু সকলোৱে তেনেকৈয়ে মৰম কৰে তাইক ৷ সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত হোৱাটো বিচাৰিছে সকলোৱে ৷ জোনাই আৰক্ষীৰ লগতে উক্ত অঞ্চলৰ সকলো দল-সংগঠনকে বিষয়টোত গুৰুত্ব প্ৰদান কৰি উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে পৰিয়াল তথা গাঁওবাসী ৰাইজে ৷

লগতে পঢ়ক : Girl Abused: প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম নাবালিকা ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.