ৰাইজে উদ্ধাৰ কৰা অজগৰ নিবলৈ নাহিল বন বিভাগ !

author img

By

Published : Sep 2, 2021, 10:30 PM IST

jonai-forest-departmenrt-refuesd-to-take-responsibility-of-a-python-rescued-by-people

জোনাইত ৰাইজে উদ্ধাৰ কৰিলে এটা বিয়াগোম অজগৰ ৷ পিছে ৰাইজে উদ্ধাৰ কৰা অজগৰটো চমজি নল’লে জোনাই বন বিভাগে ৷ ইয়াৰ পিছত অজগৰটোৰ কি ব্যৱস্থা কৰিলে ৰাইজে সেই সম্পৰ্কে জানো আহক ৷

জোনাই, ২ ছেপ্টেম্বৰ : বুধবাৰে নিশা প্ৰায় ৭ বজাত জোনাইৰ তাৰি বস্তিত এডাল বিয়াগোম অজগৰ উদ্ধাৰ কৰে স্থানীয় ৰাইজে( giant python rescued by public) । তাৰি বস্তি গাঁৱৰ এঘৰ মানুহৰ ঘৰত প্ৰায় চাৰি কেজি ওজনৰ বিয়াগোম অজগৰটো ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত, অজগৰটো উদ্ধাৰ কৰি ঘটনাৰ বিষয়ত বন বিভাগক অৱগত কৰে ৰাইজে ৷

পিছে, বন বিভাগ(forest dapartment)ক খবৰ দিয়াৰ পিছতো জোনাই বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ ইয়াৰ উপৰিও জোনাই বন বিভাগৰ কৰ্মচাৰীৰ সকলে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোনো সাংবাদিকক নজনাবলৈ ৰাইজক কোৱাৰো অভিযোগ আনিছে ৰাইজে ৷ জোনাই বন বিভাগ( Jonai forest department)ৰ এনে দায়িত্বহীন কাণ্ডত ক্ষুন্ন হৈ পৰে অঞ্চলবাসী ৰাইজ ৷

কিন্তু ইয়াৰ পিছতো জোনাই বন বিভাগে অজগৰটো চমজি নলয় ৷ অৱশেষত বৃহস্পতিবাৰে পুৱাই তাৰি বস্তিৰ ৰাইজে মিলি উদ্ধাৰ হোৱা বিয়াগোম অজগৰটোক ধেমাজি জিলাৰ একমাত্ৰ জীৱিত অৱস্থাত বৰ্তি থকা পবা সংৰক্ষিত বনাঞ্চল(Paba reserve forest)ত মেলি দিয়াৰ ব্যৱস্থা কৰে । সম্প্ৰতি গাঁওবাসীয়ে বন-বিভাগৰ এনে দায়িত্বহান কাণ্ডক কঠোৰ ভাষাৰে গৰিহনা দিছে ৷

লগতে পঢ়ক : জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.