জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Sep 2, 2021, 9:30 PM IST

orang national park under flood

ভদিয়া বানে সংহাৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ অসমৰ বিভিন্ন জিলাত কেবাখনো গাঁও জলমগ্ন হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ অঞ্চলত বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰিছে । ইফালে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চাশ শতাংশ অঞ্চল সম্প্ৰতি জলমগ্ন অৱস্থাত আছে ৷

তেজপুৰ, 2 ছেপ্টেম্বৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় পঞ্চাশ শতাংশ অঞ্চল সম্প্ৰতি ভদিয়া বানে বুৰাই পেলাইছে ৷ উদ্যানখনৰ দক্ষিনে ব্ৰহ্মপুত্ৰ নৈ আৰু পশ্চিমে ধনশিৰি নৈৰ বাঢ়নি পানীয়ে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি ভাবুকি নামি আহিছে ৷ অৱশ্যে, ইতিমধ্যে বহু জীৱ-জন্তুৱে ওখ তথা নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷ প্ৰৱল বানপানীৰ এনে পৰিস্থিতিৰ মাজতো হাত নাঁৱেৰে, পানীত খোজকাঢ়ি বনকৰ্মীসকলে অতি কষ্টেৰে উদ্যানখনত পহৰা দি আছে ৷

orang national park under flood
জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

শেহতীয়াকৈ, উদ্যানখনৰ বেলশিৰি কেম্প অধিক জলমগ্ন হৈ পৰিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱজন্তু সমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে ৷ আনহাতে, বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ ২২৩ টা বন শিবিৰৰ ভিতৰত ১০৮ টা বন শিবিৰ সম্পূৰ্ণ জলমগ্ন অৱস্থা আছে ।

ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত বৰ্তমানলৈকে মুঠ ১৩ টা জীৱ জন্তুৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছে, ইয়াৰোপৰি কিছু জন্তু উদ্ধাৰ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে বুলি বন বিভাগে জানিব দিছে ৷

orang national park under flood
জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ৰাষ্ট্ৰীয় উদ্যান খনৰ সাতটা আঞ্চলিক বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত অগৰাতলি ৩৬ টা বন শিবিৰৰ ১৮ টা পানীৰ কবলত আছে ৷ একেদৰে কাজিৰঙাৰ ৪৯ টা বন শিবিৰৰ ৩৩ টা, বাগৰিৰ ৩৮ টাৰ ভিতৰত ২৯ টা ,বুঢ়াচাপৰিৰ ২৫ টাৰ ভিতৰত ৭ টা ,বিশ্বনাথত ৩০ তাৰ ভিতৰত এটা আৰু নগাওঁ ডিভিজনৰ ৩৮ টা বন শিবিৰৰ ভিতৰত ২০ টা সম্পূৰ্ণ ৰূপে জলমগ্ন হৈছে ।

জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আনহাতে অৰুণাচলত চিয়াং নদীৰ পানীৰ স্তৰ বৃদ্ধি হৈ আছে যদিও ডিব্ৰুগড়, নিমাতিঘাট আদি স্থানত বৃহস্পতিবাৰেও ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ তলেৰে বৈ আছে ৷ কিন্তু এতিয়াও অঞ্চল কেইটাত পানী বাঢ়ি আছে বুলি কেন্দ্ৰীয় জল সম্পদ বিভাগে জানিবলৈ দিছে । ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ পানী তেজপুৰৰ গণেশ ঘাট ,ধানশিৰী ঘাট আৰু নুমলীগড়ত বৰ্তমানেও বিপদ সীমাৰ যথেষ্ট ওপৰেৰে বৈ আছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমৰ মঙলদৈ, ভালুকপুং ,মাজবাট, ওদালগুৰি আৰু তেজপুৰত সৰ্বাধিক বৰষুণ হৈছে ।

লগতে পঢ়ক : দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত এভুমুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.