ETV Bharat / state

জোনাইত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে বিশেষ তৎপৰতা প্ৰশাসনৰ

author img

By

Published : May 25, 2020, 8:49 PM IST

ETV  BHARAT
জোনাইত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে বিশেষ তৎপৰতা প্ৰশাসনৰ

বহিঃৰাজ্যত কৰ্মৰত বহু লোক ইতিমধ্যে অসমলৈ ওভতি অহাত ৰাজ্য় চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ ক্ষীপ্ৰতাৰে কাম কৰা দেখা গৈছে ৷ ঠিক একেদৰে জোনাই মহকুমা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগেও বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷

জোনাই,25 মেঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগেই তৎপৰ হৈ পৰিছে ধেমাজি জিলা আৰু জোনাই মহকুমা প্ৰশাসন ৷ ইতিমধ্যে জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুঠ ৩২ গৰাকী লোক কোৱাৰেন্টাইন হৈ আছে ৷

ৰাজ্যলৈ বহিঃৰাজ্যত কৰ্মৰত বহু লোক ইতিমধ্যে উভতি আহিছে । চৰকাৰ প্ৰশাসনৰ লগতে বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিসকলক লৈ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ তৎপৰতা অৱলম্বন কৰিছে ধেমাজি জিলা আৰু জোনাই মহকুমা প্ৰশাসন ।

জোনাই মহকুমাত স্থাপন কৰা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত আজিলৈকে ৩২ জনক ভৰ্তি কৰোৱা হৈছে । ইয়াৰে জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা ৩১ গৰাকী লোকক ভৰ্তি কৰোৱা হৈছিল ৷

২৩ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র'বায়'লজি (Microbiology) বিভাগলৈ পঠোৱা হৈছিল আৰু আটাইকেইগৰাকীৰে ৰিপৰ্ট নিগেটিভ পোৱা গৈছে ৷ ইফালে ধেমাজিত কোভিড-১৯ ত পজিটিভ পোৱা চাৰিজন যুৱকৰ সৈতে বহিঃ ৰাজ্যৰ পৰা একেলগে অহা জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয়ত পাঁচজন যুৱকক পৃথক ৰূমত ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷

জোনাইত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে বিশেষ তৎপৰতা প্ৰশাসনৰ

আজি পুনৰ মুৰ্কংচেলেক মহাবিদ্যালয়ত কোৱাৰেন্টাইনত থকা লোকসকলক নিয়মমাফিক স্কেনিং কৰি স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ৯ জনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ'বায়'লজি (Microbiology) বিভাগলৈ পঠোৱা হৈছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিবলৈ দিয়ে । জানিব পৰা মতে বহিঃৰাজ্য পৰা আহি ধেমাজি কোৱাৰেন্টাইন কেন্দ্ৰত থকা জোনাইৰ বিভিন্ন অঞ্চলৰ ৬৭ জন লোকক পৰীক্ষা কৰি নিগেটিভ পোৱাত হোম কোৱাৰেন্টাইনত থাকিবলৈ পঠাই দিয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.