ETV Bharat / state

জোনাইত সপ্তাহযোৰা কৰ’ণা সজাগতা সভা আয়োজন

author img

By

Published : Jun 12, 2021, 12:24 PM IST

jonai corona awarness programe
জোনাইত সপ্তাহযোৰা অতিমাৰী কৰ’ণা সজাগতা সভা আয়োজন

জোনাইত সপ্তাহযোৰা অতিমাৰী কৰ’ণা সজাগতা সভা(Corona Awarness Programe) আয়োজন কৰা হৈছে ৷ ধেমাজি জিলাৰ জোনাই মহকুমা প্ৰশাসন, জোনাইৰ বেচৰকাৰী সংস্থা ‘মানুহে মানুহৰ বাবে’, পঞ্চায়ত প্ৰতিনিধি আৰু বিভিন্ন দল সংগঠনৰ সহযোগ এই সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ।

জোনাই, 12 জুন : কৰ’ণা (Corona) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলাৰ জোনাই মহকুমা প্ৰশাসন, জোনাইৰ বেচৰকাৰী সংস্থা ‘মানুহে মানুহৰ বাবে’, পঞ্চায়ত প্ৰতিনিধি আৰু বিভিন্ন দল সংগঠনৰ সহযোগত সপ্তাহযোৰা সজাগতামূলক সভাৰ আয়োজন কৰা হৈছে । এই সজাগতা সভা শুকুৰবাৰে জোনাই মহকুমাৰ লাইমেকুৰী, গালী চিকাৰী, ছিগা আৰু ৰাজাখানা গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা হয় ।

সজাগতা সভাখনৰ প্ৰথম কাৰ্যসূচী হিচাপে ৮ জুন মঙলবাৰে চিমেন চাপৰি আৰু চমকং গাঁও পঞ্চায়তত অনুষ্ঠিত কৰাৰ লগতে ৯ জুন বুধবাৰে মিছামৰা আৰু ডেকাপাম গাঁও পঞ্চায়তত আৰু ১০ জুন বৃহস্পতিবাৰে ৰামধন দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ।

jonai corona awarness programe
জোনাইত সপ্তাহযোৰা অতিমাৰী কৰ’ণা সজাগতা সভা আয়োজন

এই সজাগতা সভাসমূহত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ দাস, নয়নমণি দত্ত, গায়ত্ৰী পাতিৰ, মনোজ কুমাৰ দত্ত, মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামান, মূৰ্কংচেলেক উন্নয়ন খণ্ড (Murkongselek development block)ৰ খণ্ড উন্নয়ন বিষয়া ঈশ্বৰ প্ৰশন্ন চুতীয়া, ডেকাপাম আৰু তেলাম প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ শশী পাঞাং আৰু ডাঃ গীতাশ্ৰী সোণোৱাল আৰু বেচৰকাৰী সংস্থা ‘মানুহে মানুহৰ বাবে’ৰ সভাপতি দিগন্ত লিচাং পেগু উপস্থিত থাকে ৷

উল্লেখ্য যে, সভাত উপস্থিত সকলো বিষয়ববীয়াই সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, সঘনাই চাবোনেৰে হাত ধুৱা, ভেকচিন(vaccine) গ্ৰহণ কৰা, চেনিটাইজাৰ(Sanitizer) ব্যৱহাৰ কৰা আদি স্বাস্থ্যসন্মত বিষয়ৰ ওপৰত সজাগতা মূলক বক্তব্য আগবঢ়ায়।

লগতে পঢ়ক : কেতিয়া অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.