আঢ়ৈ মাহৰ অন্তত আটক কুমকুম পেগুৰ অপহৰণকাৰীক

author img

By

Published : Oct 6, 2021, 10:45 PM IST

child kidnapper arrested after 3 months
জোনাইৰ শিশু অপহৰণকাৰীক আটক ()

প্রায় আঢ়ৈ মাহৰ অন্তত জোনাইৰ শিশু অপহৰণত জড়িত অৰ্জুন পেগু নামৰ এটা অপহৰণকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ জোনাই আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় অপহৰণকাৰী অৰ্জুন পেগু ৷

জোনাই, ৬ অক্টোবৰ : জোনাইৰ এগৰাকী কন্যা শিশুৰ অপহৰণৰ জড়িত অৰ্জুন পেগু নামৰ এটা অপহৰণকাৰীক প্রায় আঢ়ৈ মাহৰ অন্তত আটক কৰিছে আৰক্ষীয়ে ৷ জোনাই আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় অপহৰণকাৰী অৰ্জুন পেগু ৷ যোৱা ১১ আগষ্টত সংঘটিত হৈছিল উক্ত অপহৰণ কাণ্ড ৷

জোনাইৰ শিশু অপহৰণকাৰীক আটক

জোনাইৰ এছ.ডি.আৰ.এফ বাহিনীৰ এছ.অ প্ৰশান্ত পেগুৰ ৫ বছৰীয়া কন্যাক খেলি থকা অৱস্থাৰ পৰা এখন বাহনেৰে অপহৰণ কৰিছিল ৷ কিন্তু ২৪ ঘন্টাৰ ভিতৰতে জোনাই আৰু অৰুণাচল আৰক্ষীৰ তৎপৰতাত অৰুণাচলৰ তদে চাৰিআলিৰ সমীপত উদ্ধাৰ কৰা হয় অপহৰণত ব্যৱহৃত বাহনখনৰ লগতে শিশুটিক ।

কিন্তু তেতিয়াৰ পৰা পলাতক অৱস্থাত আছিল অপহৰণকাৰী অর্জুন পেগু । ইফালে অপহৰণকাৰীৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰখাৰ সময়তে বিশেষ সূত্ৰৰ পম খেদি যোৰাবাটত যোৰাবাট আৰক্ষীৰ সহযোগত জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসে আটক কৰিবলৈ সক্ষম হয় শিশু অপহৰণকাৰী অৰ্জুন পেগুক ।

শিশু অপহৰণকাৰী অৰ্জুন পেগুক বুধবাৰে জোনাইলৈ অনাৰ পিচতে জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ অপহৰণকাৰী অৰ্জুনক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচৰা বুলি জানিব পৰা গৈছে । ইফালে, অপহৃতাৰ পিতৃ প্রশান্ত পেগুৱে যোৰাবাট আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু প্ৰভাৰী বিষয়া নেত্ৰকমল শইকীয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: বৰাকৰ অৰ্ধশতাধিক কংগ্ৰেছী নেতা-কৰ্মীৰ অগপত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.