ETV Bharat / state

গোগামুখত গাঞ্জাসহ এজনক আটক

author img

By

Published : Jun 7, 2021, 3:04 PM IST

ধেমাজিৰ গোগামুখত আৰক্ষীৰ অভিযানত ২ কেজি গাঞ্জা জব্দ । আৰক্ষীয়ে আটক কৰিলে এজন গাঞ্জা ব্যৱসায়ী । ধৃত ব্যৱসায়ীজন ভেৱেলীৰ মাধৱ দাস ।

Ganja seized in Dhemaji
গোগামুখত ২ কেজি গাঞ্জা জব্দ

ধেমাজি, ৭ জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ধেমাজিতো বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান ৷ জয়ৰামপুৰ আৰক্ষীয়েও নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ২ কেজি গাঞ্জা ।

Ganja seized in Dhemaji
গোগামুখত ২ কেজি গাঞ্জা জব্দ

গোপন সূত্ৰৰ পম খেদি জয়ৰামপুৰ আৰক্ষীয়ে অভিযান চলায় । এই অভিযানৰ সময়ত আৰক্ষীয়ে গাঞ্জাসহ এজন ব্যৱসায়ীকো আটক কৰে । ধৃত গাঞ্জা ব্যৱসায়ীজন ভেৱেলীৰ মাধৱ দাস । সম্প্ৰতি আৰক্ষীয়ে ব্যৱসায়ীজনক আটক কৰি গোগামুখ থানাত সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:জুৰীয়াৰ দুৰ্ধৰ্ষ অপৰাধী তাজনুৰ হুছেইনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.