জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ

author img

By

Published : Jun 29, 2022, 4:49 PM IST

flood-effects-terribly-human-and-other-livestock-in-jonai
জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ ()

জোনাইত বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পবা বৰ্ষাৰণ্যতো সোমাইছে বাঢ়নী পানী ৷ ফেনে ফুটুকাৰে বাঢ়িছে চিয়াং, লালী, দিখাৰী, ব্ৰহ্মপুত্ৰ ৷ বানত জলমগ্ন হৈ পৰিছে বহু ৰাজহ গাঁও ৷ মানুহৰ লগতে পশুধনৰ বাবে অভাৱ হৈছে খাদ্য-বাসস্থানৰ ৷

জোনাই, 29 জুন : জোনাইত দুদিন ধৰি বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ মঙলবাৰে বিভীষিকাৰ সৃষ্টি হৈছে (Flood in Jonai)৷ সোমবাৰৰ নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত জোনাইত চিয়াং নদীৰ জলপৃষ্ঠ(Water level of Siang river) অধিক বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে ন ন অঞ্চল ৷ চিয়াং, চিলে, জোনাই নদীৰ বানত নদীদ্বীপ কবু চাপৰি, কেমি, পুৰণা জেলম, মহমৰাহ, বাহিৰ জোনাই, শান্তিপুৰ, বেৰাচপৰি অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ-বাৰী, শস্য পথাৰ বুৰ যোৱাৰ লগতে বগীনদী, অকলেণ্ড, বাহিৰ জোনাই, মাছোৱা কেম্প আদিৰ কেইবাঠাইতো গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰাত যাতায়ত বন্ধ হৈ পৰিছে ৷

জোনাইত বান বিভীষিকা: বন্যাৰ্তৰ হাহাকাৰ

ইফালে, মেৰামতিৰ অভাৱত চিলে নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি পেলোৱাৰ ফলত মতৌপুৰ গাঁৱৰ ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ-বাৰীৰ চাৰিওফাল জলমগ্ন হোৱাত মানুহৰ সমান্তৰালকৈ খাদ্য আৰু বাসস্থানক লৈ হাহাকাৰৰ সৃষ্টি হৈছে পশুধনৰ মাজতো । ঘৰৰ ভিতৰতো একঁকাল পৰ্যন্ত পানী হোৱাত একাংশ পৰিয়ালে ওখ স্থানত আশ্ৰয় লৈ থকাৰ বিপৰীতে একাংশ পৰিয়ালে ঘৰৰ ভিতৰতে চাং সাজি কোনোমতে থকা বুলি জানিব পৰা গৈছে ।

ইফালে অৰুণাচলৰ(Rain in Arunachal Pradesh) লগতে অসমৰ ভিন্ন ঠাইত বিগত দুসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সময়তে জোনাইত সোমবাৰে নিশাৰে পৰা পুনৰ ধাৰাষাৰ বৰষুণৰ অহাৰ ফলত পুনৰ উফন্দি উঠিছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ চিয়াং নদীৰ চৰ-চাপৰিৰ বহু গাঁও পুনৰ চিয়াং নৈৰ কবলত পৰিছে ৷

লগতে পঢ়ক : বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.