ETV Bharat / state

Extra marital affair: টিউচন মাষ্টৰে পৰিয়ালত লগালে আউল, পত্নীৰ বিৰুদ্ধে অভিযোগ স্বামীৰ

author img

By

Published : Mar 28, 2023, 11:03 PM IST

পুত্ৰৰ টিউচন শিক্ষকৰ লগত পলাই গ’ল পত্নী ৷ 18 মাহৰ পিচত সংবাদমাধ্যমৰ আগত মুখ খুলিলে ভুক্তভোগী স্বামীয়ে (Police Jawan complaint against wife ) ৷

Extra marital affair: Police Jawan complaint against wife
পত্নীৰ বিৰুদ্ধে অভিযোগ স্বামীৰ

পত্নীৰ বিৰুদ্ধে অভিযোগ স্বামীৰ

জোনাই, 28 মাৰ্চ: বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি (Extra marital affair case in Dhemaji)৷ পত্নীৰ পৰপুৰুষৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে আহুকালত ভুগিছে এজন আৰক্ষী জোৱানে ৷ আৰক্ষীৰ কাষ চাপি সহায় নাপায় অৱশেষত চাকৰিৰ স্থান বদলি কৰিবলগীয়া হয় দুৰ্ভগীয়া স্বামীয়ে (Police Jawan complaint against wife )৷ পত্নী আৰু অবৈধ স্বামীৰ ভাবুকিক লৈ ত্ৰস্তমান হৈ নিঃসহায় আৰক্ষী জোৱানজন এতিয়া বিপাঙত পৰিছে ৷ বিশেষকৈ তেওঁলোকৰ দুই সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হৈছে আৰক্ষী জোৱানজন ৷

আৰক্ষী জোৱানজনে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ পুত্ৰক টিউচন কৰা অচিলাৰে ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে তেওঁৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে (women escaped with lover)৷ এই বিষয়ে বিদিত হৈ আৰক্ষী লোকজনে পত্নীক বাধা দিবলৈ চেষ্টা কৰাতেই দুয়োৰে মাজত কন্দলৰ সৃষ্টি হয় ৷ আৰক্ষী জোৱানজনে পত্নীক বাৰে বাৰে বুজোৱাৰ পিচতো স্বামীৰ লগত কাজিয়া কৰি নিজ ঘৰ এৰি মাকৰ ঘৰলৈ গুচি যায় মহিলাগৰাকী ৷

যোৱা 18 মাহৰ পূৰ্বে পত্নীয়ে তেওঁক এৰি থৈ যোৱা বুলি সদৰী কৰে আৰক্ষী জোৱানজনে (Extra marital affair case) ৷ কিন্তু ইয়াৰ পিচতেই লাগিল কেনা ৷ এই ঘটনাৰ পিচতো পত্নীয়ে স্বামী আৰু দুই সন্তানৰ মুখলৈ চাই ঘূৰি আহিব বুলি আশা কৰিছিল লোকজনে ৷ কিন্তু পত্নীয়ে ওলোটাই বিবাহৰ পিছৰে পৰা স্বামীয়ে তেওঁক অত্যাচাৰ চলাই অহা বুলি আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে ৷ আনকি স্বামীৰ ঘৰৰ মাটি-বাৰীও পত্নীৰ নামত লিখি দিবলৈ হেচাঁ প্ৰয়োগ কৰিছে মহিলাগৰাকীয়ে ৷

এই সমষ্ট ঘটনাৰ বিষয়ে ধেমাজি আৰক্ষীৰ সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দিয়াৰ স্বত্বেও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত লাজ আৰু হতাশাত ধেমাজিৰ পৰাই চাকৰি বদলি কৰিবলগীয়া পৰিস্থিতি হৈছে বুলি অভিযোগ কৰে আৰক্ষীৰ জোৱানজনে ৷ বৰ্তমান লখিমপুৰ আৰক্ষী থানাৰ অধীনত কৰ্মৰত গোপাল চন্দ্ৰ নাথ নামৰ আৰক্ষী জোৱানজন ৷ বিগত 27 বছৰে ধেমাজিত কৰ্মৰত হৈ মাটি-বাৰী ক্ৰয় কৰি পত্নীৰ সৈতে বাস কৰিছিল জোৱানজনে ৷

ইফালে শেহতীয়াকৈ পত্নীৰ গৃহৰ পৰা ফোনযোগে পত্নী আৰু অবৈধ স্বামীক কৰায়ত্ত কৰিলে বুলি ফোন আহে জোৱানজনলৈ ৷ যদিও ৰহস্যজনকভাৱে মহিলাগৰাকী আৰু তেওঁৰ দ্বিতীয় স্বামী থানাত উপস্থিত নোহোৱাত সন্দেহ উপজে আৰক্ষী জোৱানজনৰ ৷ সেয়েহে তেওঁ পত্নী য’তেই নাথাকক যেনেকৈয়ে নাথাকক নিজৰ পুত্ৰ কন্যাৰ ভবিষ্যতৰ স্বাৰ্থত আমনি নকৰিবলৈ আহ্বান জনায় ৷

ইফালে তেওঁলোকৰ পুত্ৰই মাতৃলৈ আহ্বান জনাই কয় যে আমাৰ আৰু পিতৃ-মাতৃৰ হাই কাজিয়া চাবলৈ ইচ্ছা নাই ৷ পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা এনে কাজিয়াৰ বাবে আমাৰ পঢ়াটো প্ৰভাৱ পৰে ৷ সেয়ে সকলোৱে পৃথকে পৃথকে থকাটোৱেই আমি বিচাৰো ৷

লগতে পুত্ৰই কয় যে, মাতৃৰ প্ৰতি তেওঁলোকৰ কোনো অনুকম্পা নাই আৰু ভৱিষ্যতৰ দিনবোৰত তেওঁলোকে পাহৰিব খোজে এই দুঃসহ দিনবোৰ ৷ আনহাতে আইনৰ প্ৰতি বিশ্বাসী লোকজনে ন্যায় পাব বুলি আশাবাদী ৷ এগৰাকী শিক্ষক হৈয়ো অবৈধ প্ৰণয় আৰু প্ৰলোভনেৰে আনৰ সংসাৰ ধবংস কৰা ধুৰন্ধৰ শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈও শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আৰক্ষীজনে ৷

লগতে পঢ়ক: Ex ULFA Unity Forum: 8 ৰ পৰা 10 এপ্ৰিললৈ তেজপুৰত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তৃতীয় অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.