ETV Bharat / state

Dr Nagen Saikia: নিজকে কোনো দিনে ডাঙৰ মানুহ বুলি ভৱা নাই: ড৹ নগেন শইকীয়া

author img

By

Published : Apr 30, 2023, 2:06 PM IST

ধেমাজি বালিকা মহাবিদ্যালয়ত ড৹ নগেন শইকীয়াৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰাৰ লগতে মুকলি কৰা হয় ড৹ নগেন শইকীয়া সংগ্ৰহালয় ৷ জীৱিত কালতে নিজৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয় চাই আপ্লুত হৈ পৰিল মিত-ভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়া (Dr Nagen Shaikia Museum Inagurated in Dhemaji) ৷

Dr Nagen Shaikia Museum Inagurated in Dhemaji
ড৹ নগেন শইকীয়াৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয়

ড৹ নগেন শইকীয়া সংগ্ৰহালয়

ধেমাজি, 30 এপ্ৰিল: ধেমাজিত জীৱিত কালতে নিজৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয় চাই আপ্লুত হৈ পৰিল মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়া ৷ অসমীয়া সাহিত্য জগতৰ মহীৰূহ, মিত-ভাষৰ স্ৰষ্টা, শিক্ষাবিদ, গল্পকাৰ, ঔপন্যাসিক, সমালোচক ড৹ নগেন শইকীয়াৰ এটি আৱক্ষ মূৰ্তি শনিবাৰে ধেমাজি বালিকা মহাবিদ্যালয়ত স্থাপন কৰাৰ লগতে মুকলি কৰা হয় ড৹ নগেন শইকীয়া সংগ্ৰহালয় (Dr Nagen Shaikia Museum Inagurated in Dhemaji) ৷

উল্লেখ্য যে সংগ্ৰহালয়টোত ৰখা হৈছে ড৹ নগেন শইকীয়াৰ দ্বাৰা সৃষ্ট ৰচনাৰাজিৰ লগতে সাহিত্যিকগৰাকীৰ ব্যৱহৃত বিভিন্ন সামগ্ৰী ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে লিখা কলম ,হাতৰ আখৰ , পিন্ধা সাজ পোছাক ,অডিঅ’-ভিডিঅ’, তেখেতৰ ব্যৱহৃত বিভিন্ন সামগ্ৰী সংৰক্ষিত হ’ব (Dr Nagen Saikia in Dhemaji) ৷

জীৱন্ত কালতে নিজৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি আৰু নিজৰ নামত সংগ্ৰহালয় মুকলি কাৰ্যসূচীত উপস্থিত থাকি আপ্লুত হৈ পৰিল অসমৰ সাহিত্যজগতৰ মহীৰূহগৰাকী ৷ এই অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে, নিজকে ডাঙৰ মানুহ বুলি কোনো দিনে ভৱা নাই ৷ মহাবিদ্যালয়খনৰ এই মহৎ প্ৰচেষ্টা শলাগিবলগীয়া ৷ ধেমাজিবাসী প্ৰশংসাৰ পাত্ৰ বুলি কয় তেওঁ (Dhemaji Girls College) ৷

ধেমাজি বালিকা মহাবিদ্যালয়ৰ উদ্যোগত আৰু ভোগজৰাৰ সহযোগত আয়োজিত অনুষ্ঠানত ড৹ নগেন শইকীয়াৰ উপস্থিতিতে তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ধেমাজিৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ লগতে নগেন শইকীয়াৰ সংগ্ৰহালয় উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক উমেশ চেতিয়াই (Dr Nagen Shaikia Museum at Dhemaji Girls College) ৷ অনুষ্ঠানত চিত্ৰশিল্পী, গৱেষক ড৹ পুষ্প গগৈৰ লগতে ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই অনুষ্ঠানতে বিভিন্ন দল-সংগঠন, মহাবিদ্যালয় কৰ্তৃপক্ষ তথা বহু সংখ্যক অনুৰাগীয়ে সম্বৰ্ধনা জনায় বিশিষ্ট সাহিত্যিকগৰাকীক (Dr Nagen Shaikia Museum) ৷

লগতে পঢ়ক: Rati Bihu at Tinisukia: তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু; কঁকাল ঘূৰাই নাচিলে বিদেশী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.