ETV Bharat / state

জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

author img

By

Published : Oct 30, 2020, 11:15 AM IST

আজি লক্ষ্মী পূজা ৷ কিন্তু ধেমাজি জিলাৰ বৃহত্তৰ দিহিৰি কেকুৰীত নাই পূজাৰ উচাহ ৷ পথাৰৰ লখিমী আদৰিবলৈ এইসকল লোকৰ নাই কোনো সম্বল ৷ জীয়াঢলৰ বানে সকলো চন-কাঢ়ি নিছে এইসকল দুৰ্ভগীয়াৰ ৷

ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন
ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

ধেমাজি, 30 অক্টোবৰ : জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তৰ বিননি শুনিবলৈ কোনো নাই ৷ জীয়াঢলে বিধ্বস্ত কৰা বৃহত্তৰ দিহিৰি কেকুৰীত নাই লক্ষ্মী পূজাৰ উচাহ । জীয়াঢলৰ বুকুত জাহ গৈছে 28টাকৈ পৰিয়ালৰ সৰ্বস্ব ৷

বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

জীয়াঢলৰ ধাৰাবাহিক বানত অতি বেয়াকৈ বিধ্বস্ত হৈছে ধেমাজিৰ দিহিৰি, উজনি নামনি কেকুৰী অঞ্চল । অঞ্চলটোৰ ৰক্ষাৰ কৱজ জলসম্পদ বিভাগৰ এটা মথাউৰি কেইবা মিটাৰ ছিঙি নিয়াৰ ফলত বিভীষিকা সৃষ্টি কৰিছিল । পথাৰ, ঘৰ, বাৰী, ভৰাল সমূলঞ্চে নিঃশেষ হৈছিল । বানত অঞ্চলটোৰ 28 টা পৰিয়ালৰ বাসগৃহ জাহ গৈছিল । এতিয়াও বহু পৰিয়াল পথ আৰু মথাউৰি সদৃশ ঠাইতে আশ্ৰয় গ্ৰহন কৰি আছে । বৰ্তমান পানী শুকাইছে যদিও এশ এবুৰি সমস্যাই লগ এৰা নাই । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে । এসময়ত ধানে-ধনে নদন-বদন হৈ থকা গাওঁসমূহত নাই লক্ষ্মী পূজা অথবা অন্যান্য কৃষিজীৱী উৎসৱৰ পয়োভৰ । ইফালে সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি সমষ্টি বিধায়ক গৰাকীয়ে বন্যাৰ্তৰ খবৰ ল'বলৈ আজৰি নোপোৱা বুলিও দূখ প্ৰকাশ কৰিছে এইসকল দুৰ্ভগীয়াই ।

লগতে পঢ়ক : কৰ’ণাতংকৰ মাজতে ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.