ধেমাজিত ৮,২৭৮ গৰাকীয়ে লোৱা নাই প্ৰতিষেধক : উপায়ুক্ত

author img

By

Published : Dec 6, 2021, 8:40 PM IST

Dhemaji DC Press Meet on Har Ghar Dastak Campaign

সামৰণি পৰিছে ৰাজ্য চৰকাৰৰ সপ্তাহজোৰা হৰ ঘৰ দস্তক অভিযানৰ ৷ ইয়াৰ পাছতেই সোমবাৰে ধেমাজি জিলা উপায়ুক্ত(Dhemaji DC P Vijaya Bhaskar Reddy)ই উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি প্ৰকাশ কৰে এই অভিযানৰ সমগ্ৰ তথ্য ৷

ধেমাজি, 6 নৱেম্বৰ : ‘হৰ ঘৰ দস্তক' অভিযান(Har Ghar Dastak Campaign at Dhemaji)ৰ সময়ত ধেমাজি জিলা প্ৰশাসনৰ স্বাস্থ্যকৰ্মীৰ দলসমূহে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰে ৷ জিলা প্ৰশাসনে জিলাখনৰ পাঁচটা খণ্ড চিকিৎসা কেন্দ্ৰত ১০,৬৮৪ গৰাকীক প্ৰথম পালি আৰু ১৫,২৯৮ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰে ৷ স্বাস্থ্যকৰ্মীৰ দলসমূহে এই অভিযানৰ অধীনত মুঠ ২৫,৯৮২ জনক ক’ভিডৰ প্ৰতিষেধক(Covid Vaccination Drive at Dhemaji) প্ৰদান কৰে ৷

ধেমাজিত ৮,২৭৮ গৰাকীয়ে লোৱা নাই প্ৰতিষেধক

ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী(Dhemaji DC P Vijaya Bhaskar Reddy)য়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সদৰি কৰে এই তথ্য ৷ উপায়ুক্ত গৰাকীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি, ধেমাজিত এতিয়াও ৮,২৭৮ গৰাকীয়ে প্ৰতিষেধক লোৱা নাই ৷ ইয়াৰে ৪,০৯২ গৰাকী ধেমাজি সমষ্টিৰ আৰু ৪,১৮৬গৰাকী জোনাই সমষ্টিৰ ৷ উপায়ুক্ত গৰাকীয়ে বাদ পৰি ৰোৱা সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনায় ৷

সংবাদমেলত স্বাস্থ্য বিভাগৰ বিষয়া তথা এন এইছ এমৰ জিলা প্ৰকল্প বিষয়া এঞ্জেলিনা চাংমাই আৰু জিলা অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ ৰণিধৰ কাকতিয়ে এই সমগ্ৰ অভিযানৰ বিষয়ে অৱগত কৰে ৷

লগতে পঢ়ক : Press Meet of Hojai DC: ক’ৰণামুক্ত হোৱাৰ দিশে হোজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.