ক’ৰণামুক্ত হোৱাৰ দিশে হোজাই, ক'লে উপায়ুক্তই

author img

By

Published : Dec 6, 2021, 7:36 PM IST

Updated : Dec 6, 2021, 7:56 PM IST

Hojai DC Anupam Choudhury Press meet

ৰাজ্য চৰকাৰে প্ৰতিঘৰ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ সপ্তাহজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰিছিল 'হৰ ঘৰ দস্তক' অভিযান(Har Ghar Dastak campaign in Assam)ৰ ৷ এই অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি একলাখ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ দেওবাৰে এই অভিযান সামৰণি পৰাৰ পাছত সোমবাৰে হোজাই জিলা উপায়ুক্তই এক সংবাদমেলৰ আয়োজন কৰি জিলাখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত জানিবলৈ দিয়ে ৷

হোজাই, 6 নৱেম্বৰ : হোজাই জিলাত মাত্ৰ তিনিগৰাকী ক’ভিড ৰোগী আছে ৷ এই তিনিগৰাকী আৰোগ্য হ’লে আৰু নতুনকৈ সংক্ৰমণ নহ’লে হোজাই জিলা ১০০% ক’ৰণা মুক্ত জিলা হ’ব ৷ এই মন্তব্য হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী(Hojai DC Anupam Choudhury)ৰ ৷ হোজাই জিলা আৱৰ্ত ভৱনত সোমবাৰে 'হৰ ঘৰ দস্তক'(Har Ghar Dastak campaign in Hojai) সন্দৰ্ভত জিলা উপায়ুক্তই এখন সংবাদমেল আয়োজন কৰে ৷

হোজাই জিলা উপায়ুক্তৰ সংবাদমেল

সংবাদমেলত উপায়ুক্তগৰাকীয়ে সদৰি কৰা মতে, হোজাই জিলাত প্ৰথম পৰ্যায়ত ৬ লাখ ৩৪ হাজাৰ ৭৫৭ আৰু দ্বিতীয় পৰ্যায়ত ৪ লাখ ৫১ হাজাৰ ৪৬৪ গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি জিলাখনত প্ৰথম আৰু দ্বিতীয় পালি মিলাই মুঠ ১০,৮৬,২২১ গৰাকী লোকক ক’ভিড ভেকচিন দিয়া হৈছে ৷ বৰ্তমান হোজাই জিলাত মাত্ৰ ৩ গৰাকী লোক ক’ভিড আক্ৰান্ত হৈ আছে ৷

দুই এদিনতে এই তিনিগৰাকী ৰোগী আৰোগ্য হৈ উঠিব আৰু নতুনকৈ সংক্ৰমণ নহ’লে হোজাই জিলাখন সম্পূৰ্ণ ক’ভিডমুক্ত জিলা হিচাপে চিহ্নিত হ'ব বুলি উপায়ুক্ত অনুপম চৌধুৰীয়ে সদৰি কৰে ৷

হোজাই জিলাত হৰ ঘৰ দস্তক অভিযানৰ (Har Ghar Dastak campaign in Hojai) অধীনত ২৯ নৱেম্বৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰায় ১০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে বুলি সংবাদমেলত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত অসম চৰকাৰৰ শ্ৰম বিভাগৰ সচিব মৃদুল কুমাৰ মহন্ত, উপায়ুক্ত অনুপম চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ উপস্থিত থাকে ৷

লগতে পঢ়ক : Har Ghar Dastak: ডিমা হাছাওৰ 7 খন গাঁৱত ভেকচিন লোৱা লোকৰ হাৰ শূন্য

Last Updated :Dec 6, 2021, 7:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.