কালী পূজা উপলক্ষে জোনাইৰ মন্দিৰসমূহত ভক্তৰ ভিৰ

author img

By

Published : Nov 4, 2021, 2:17 PM IST

devotees-are-gathering-at-kali-temples-to-celebrate-kali-puja-at-jonai

জোনাইৰ প্ৰতিটো কালী মন্দিৰ(Kali Temple)ত কালী পূজা(Kali Puja) আৰু দীপাৱলী(Diwali) উদযাপন ৷ পুৱাৰে পৰা কালী মন্দিৰসমূহত অসংখ্য ভক্তৰ সমাগম ৷ মন্দিৰত নিশাৰ ভাগত চলিব ছাগলী, হাঁহ আদিৰ বলি-বিধান ।

জোনাই, 4 নৱেম্বৰ : কালী পূজা(Kali Puja) আৰু দীপাৱলী(Diwali) উপলক্ষে বৃহস্পতিবাৰে পুৱাৰে পৰা জোনাইৰ প্ৰতিটো কালী মন্দিৰ(Kali Temple)ত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ কালীৰ দহৰূপৰ অন্যতম শ্যামা কালীক পূজা কৰা হয় এই দিনটোত । সেই উপলক্ষে জোনাইৰ প্ৰতিটো কালী মন্দিৰলৈ আগমন ঘটিছে অগণন ভক্তৰ ৷

devotees-are-gathering-at-kali-temples-to-celebrate-kali-puja-at-jonai
জোনাইৰ কালী মন্দিৰসমূহত ভক্তৰ ভিৰ

জোনাইৰ মুৰ্কংচেলেক লক্ষী নেপালী বস্তিস্থিত দুর্গা মন্দিৰ, বাহিৰ জনাই কালী মন্দিৰ, ললাদ গাঁৱৰ শ্ৰীশ্ৰীমা কালী মন্দিৰ, নামনি বিজয়পুৰ কালী মন্দিৰ আদিত উদযাপন কৰা হৈছে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী ৷ এইসমূহ মন্দিৰত নিশাৰ ভাগলৈ চলিব কালী মাৰ পূজাৰ লগতে ছাগলী, হাঁহ আদিৰ বলি-বিধান ।

জোনাইৰ কালী মন্দিৰসমূহত ভক্তৰ ভিৰ

মন্দিৰসমূহত অগণন ভক্তই মাহ-প্ৰসাদ, ফুলেৰে পৰিয়াল তথা দেশৰ শান্তি-মংগল কামনা কৰি মা কালীৰ চৰণত প্ৰণিপাত জনাই আশীৰ্বাদ বিচৰা পৰিলক্ষিত হৈছে ৷ দীপাৱলীৰ চাকিৰ পোহৰত যেন নাশ হয় অসূয়া-অপ্ৰীতি, সেই উদ্দেশ্যে মন্দিৰত পূজা আগবঢ়াইছে ভক্তসকলে ৷

লগতে পঢ়ক : কালী পূজাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ কালী মন্দিৰত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.