NABARD Programme in Jonai : জোনাইত দুখন উন্নয়ন আঁচনি উদ্বোধন মহকুমাধিপতিৰ

author img

By

Published : Jan 21, 2023, 12:43 PM IST

Updated : Jan 21, 2023, 2:10 PM IST

Jonai

জোনাইত নাবাৰ্ডৰ অধীনত দুখনকৈ উন্নয়ন আঁচনি উদ্বোধন (development programme by NABARD in Jonai) । জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে উদ্বোধন কৰে এই আঁচনি । জোনাইৰ চিমেন চাপৰিৰ সৃজৌন স্বেচ্ছাসেৱক প্ৰতিষ্ঠানৰ উদ্যোগত আৰু নাবাৰ্ডৰ সগযোগত ১৫ দিনৰ বাবে অনুষ্ঠিত হৈছে এই কাৰ্যসূচী ।

জোনাইত নাবাৰ্ডৰ আঁচনি উদ্বোধন

জোনাই, ২১ জানুৱাৰী : জোনাই মহকুমাৰ চিমেন চাপৰিস্থিত সৃজৌন স্বেচ্ছাসেৱক প্ৰতিষ্ঠানৰ (NGO) উদ্যোগত আৰু নাবাৰ্ডৰ সহযোগত শুকুৰবাৰে সৃজৌনৰ কাৰ্যালয়ত পোন্ধৰদিনীয়াকৈ অনুষ্ঠিত কৰা ক্ষুদ্ৰ প্ৰতিষ্ঠান উন্নয়ন আঁচনিৰ শুভ উদ্বোধন কৰা হয় (development programme by NABARD in Jonai Chimen Sapori) । সৃজৌন স্বেচ্ছাসেৱক প্ৰতিষ্ঠানৰ সঞ্চালক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় নাবাৰ্ডৰ জিলা উন্নয়ন সঞ্চালক অম্লান কাকতিয়ে ।

তেওঁ কয়, মহিলাসকলক আৰ্থিকভাৱে সবল কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ নাবাৰ্ডে (women empowerment scheme by NABARD) বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি বৰ্তমানৰ সময়ত ৰেচম শিল্পৰ জৰিয়তে মহিলাসকলে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰবাবে বোৱা-কটা,কাপোৰত ৰং কৰা, কাপোৰত বিভিন্ন ডিজাইন কৰা বিষয়ত কৰ্মশালা (handloom projects by NABARD in Jonai) অনুষ্ঠিত কৰি নিপুণ শিপিনী হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলোৱা হৈছে বুলি বক্তব্য ৰাখি চালানি গামোচাকে ধৰি অন্যান্য বয়নজাত সামগ্ৰী বন্ধ হ'বলৈ শিপিনীসকলে থলুৱা গামোচা অথবা অন্যান্য বয়ন সামগ্ৰী উৎপাদনৰ দ্বাৰা স্থানীয় বজাৰ দখল কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ।

অনুষ্ঠানত বেংক বিভাগৰ জিলা মুৰব্বী সঞ্চালিকা ৰিজুমণি বৈদ্যই কয় যে বেংকৰ তৰফৰ পৰা উৎপাদনমুখী কৰ্মআঁচনিৰ বাবে সদায় ঋণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে আৰু এগৰাকী উদ্যমী মহিলাই এক লাখৰ পৰা দহলাখ টকালৈকে বেংকৰ ঋণ লাভ কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে বুলি বক্তব্য দাঙি ধৰে । সৃজৌন স্বেচ্ছাসেৱক প্ৰতিষ্ঠানৰ অধীনস্থ চিমেন চাপৰি, চমকং, মিছামৰা, ডেকাপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত হিড়িম্বা শিল্প সমবায় সমিতিৰ ৩০ গৰাকী মহিলাক পোন্ধৰ দিনীয়াকৈ জেকাৰ্ড মেচিনত বোৱা-কটা, কাপোৰত ৰং দিয়া, কাপোৰত বিভিন্ন ডিজাইন কৰা, বিভিন্ন প্ৰকাৰৰ জনগোষ্ঠীয় কাপোৰৰ সংমিশ্ৰণত উন্নত আৰু আধুনিক ডিজাইনৰ কাপোৰ তৈয়াৰ কৰা বিষয়ত অনুষ্ঠিত কৰা কৰ্মশালাখন উদ্বোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ দ্বীবেদীয়ে ।

অনুষ্ঠানৰ উদ্বোধন কৰি দিয়া ভাষণত প্ৰশাসনিক বিষয়াগৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত বজাৰ দখল কৰিবলৈ উন্নত প্ৰযুক্তিৰ দ্বাৰা সামগ্ৰী উৎপাদিত কৰিব লাগিব আৰু আধুনিক ধ্যান-ধাৰণাৰে দ্ৰব্য উলিয়াই গ্ৰাহকৰ ৰুচিসন্মত অভাৱ পূৰণ কৰিবলৈ চেষ্টা চলাব লাগিব । সৃজৌন স্বেচ্ছাসেৱক প্ৰতিষ্ঠানৰ সভাপতি ৰাজা বসুমতাৰী, সম্পাদক দিদৌম বসুমতাৰী উপস্থিত থকা সভাত সঞ্চালক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই কয় যে সৃজৌন স্বেচ্ছাসেৱী সংস্থাই ২০০১ চনৰ পৰায়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ জীৱন-জীৱিকাভিত্তিক কৰ্মআঁচনি প্ৰস্তুত কৰি কাৰ্যসূচী হাতত লৈ আহিছে ।

তেওঁ লগতে কয় যে প্ৰাকৃতিক দুৰ্যোগ বানপানী, কৰোনা মহামাৰী, শিক্ষা, মহিলা সবলীকৰণ আদিৰ দিশত বিভিন্ন জনহিতকৰ পদক্ষেপ হাতত লোৱা হৈছে । এই কৰ্মশালা তাৰেই এটা উদাহৰণ বুলি তেওঁ উল্লেখ কৰে । সভাত হিড়িম্বা শিল্প সমবায় সমিতিৰ উপদেষ্টা বিমলা বসুমতাৰীয়ে মহিলাসকলে আগ্ৰহেৰে উৎপাদনমুখী কৰ্মত নিয়োজিত হৈ পৰিয়ালক আৰ্থিকভাৱে স্বচ্ছল কৰি তুলিবলৈ আহ্বান জনাই চৰকাৰক থলুৱা শিপিনীয়ে উৎপাদন কৰা বয়ন সামগ্ৰীসমূহ ক্ৰয় কৰি মহিলাসকলৰ স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ আহ্বান জনায় ।

ইফালে লাইমেকুৰীতো জীৱিকা আৰু উদ্যোগ বিকাশৰ উদ্যোগত নাবাৰ্ডৰ সহযোগত মুন মুনি চাপৰি চব মেনজেং, দুগ্ধ উৎপাদন সমবায় সমিতিৰ সহযোগত লাইমেকুৰী ৰাজহুৱা ভৱনত নাবাৰ্ডৰ অধীনত ধেমাজিৰ মুৰ্কংচেলেক ব্লকত একত্ৰিত দুগ্ধপালন আৰু প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজন গোট দ্বাৰা ক্ষুদ্ৰ প্ৰতিষ্ঠান উন্নয়ন আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷ কুশল কুলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও আত্মসহায়ক গোট আৰু স্থানীয় শতাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক :Corruption in PMAY scheme: টকা দিলেও জোনাই PMAY ৰ ঘৰ নাপাই জোনাইবাসীয়ে

Last Updated :Jan 21, 2023, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.