ETV Bharat / state

গৰুখুটিত চলিছে কি ?

author img

By

Published : Apr 14, 2022, 7:04 PM IST

controversy-around-expenditure-on-garukhuti-agricultural-project
controversy-around-expenditure-on-garukhuti-agricultural-project

বেদখলকাৰীৰৰ উচ্ছেদৰ পিছতে দৰং জিলাৰ গৰুখূটিত (Eviction in Garukhuti) অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছিল এক অভিলাসী কৃষি প্ৰকল্প । অসমবাসীৰ বাবে ই আছিল আশাৰ খবৰ । কিন্তু ৰাইজে আশা কৰা ধৰণে আগবাঢ়িছেনে এই‌ প্ৰকল্প ? জানো আহক সম্প্ৰতি গৰুখুটিকলৈ সৃষ্টি হোৱা এক বৃহৎ বিতৰ্কৰ বিষয়ে৷-

গুৱাহাটী, ১৪ এপ্ৰিল : দৰং জিলাৰ গৰুখুটিত অসম চৰকাৰৰ নিৰ্দেশত চলা বেদখলকাৰীৰ উচ্ছেদ অভিযানে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ‌ পাছতে আৰম্ভ হৈছিল গৰুখুটি কৃষি প্ৰকল্প ।‌‌ এই প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্ব লৈ কেবিনেট মৰ্যদা লাভ কৰিছিল চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই (MLA Padma Hazarika)। কণ্যাকা নামে কৃষি প্ৰকল্প ৰূপায়ন কৰাৰ সদনামৰ বাবেই কাৰ্যতঃ গৰুখুটি কৃষি প্ৰকল্পক (Garukhuti agricultural project) নেতৃত্ব দিয়াৰ দায়িত্ব লাভ কৰিছিল বিধায়ক পদ্ম হাজৰিকাই ।

কিন্তু এই‌ প্ৰকল্প ৰূপায়নৰ বাবে ২০২১-২২ চনৰ বিত্তীয় বৰ্ষটোত ব্যয় হোৱা চৰকাৰী পুজিৰ হিচাবে সচেতন নাগৰিকক সচকিত কৰিছে । ইয়াৰ লগত অতি লক্ষণীয়ভাৱে জড়িত হৈ পৰিছে এম জি এনৰেগাৰ অধীনত গৰুখুটি গাঁও পঞ্চায়তত ৰূপায়িত হোৱা আচঁনিৰ ব্যয়ৰ কথাও। উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা‌ অসম বিধানসভাৰ বাজেট অধিবেশনত (Budget session of Assam assembly) গৰুখুটি কৃষি প্ৰকল্প সন্দৰ্ভত কেতবোৰ লিখিত প্ৰশ্ন উত্থাপন কৰিছিল‌ বিধায়ক আমিনুল ইছলামে ।‌‌

কিন্তু অতি লক্ষ্যণীয়ভাৱে এই প্ৰশ্নৰ বিপৰীতে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে যি তথ্য সদনৰ মজিয়াত দাখিল কৰিছিল সেই তথ্য কোনো সংবাদ মাধ্যমতে প্ৰকাশিত হোৱা দেখা নগ'ল। বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ বিপৰীতে বিত্তমন্ত্ৰী অজন্তা নেওগে দিয়া তথ্য মতে ২০২১-২২ চনৰ বিত্তীয় বৰ্ষটোত গৰুখুটি কৃষি প্ৰকল্পৰ বিপৰীতে ৰাজ্যিক বাজেটত ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৯.৬০ কোটি টকা ।

controversy-around-expenditure-on-garukhuti-agricultural-project
গৰুখুটিত চলিছে কি ?

ইয়াৰ বিপৰীতে বিধায়ক পদ্ম হাজৰিকাই প্ৰকল্পৰ অধ্যক্ষৰ আসনৰ পৰা জনোৱা হিচাবে মতে, এই বিত্তীয় বৰ্ষটোত প্ৰকল্পৰ বাবে‌ কেৱল গীৰ গাইয়েই কিনা হৈছে ৪কোটি টকাৰ ।‌‌ এই গাই ৰাখিবলৈ আকৌ গোহালি বনোৱা হৈছে ৫০ লাখ টকাৰ । আমিনুল ইছলামৰ প্ৰশ্নৰ বিপৰীতে দাঙি ধৰা আন ব্যয় সমূহ হ’ল বীজ আৰু সাৰ‌ ক্ৰয় ৫০ লাখ, ট্ৰেক্টৰ ৫০ লাখ, কৃষি সজুঁলি ক্ৰয় ১০ লাখ, গাহৰিৰ পোৱালি ক্ৰয় ১০ লাখ, শ্ৰমিকৰ মজুৰি ১ কোটি, আকস্মিক খৰছ, নাও আৰু গাড়ীভাড়া ১.৩০ কোটি টকা। এই বিত্তীয় বৰ্ষটোত গৰুখুটিত ৮ কোটি টকা ব্যয় কৰা হৈছে বুলি বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে তথ্য দাখিল কৰিছে ।‌

কিন্তু অভিযোগ অনুসৰি,‌‌ বিত্তীয় বৰ্ষটোৰ মাত্ৰ কেইটামান মাহহে কাম হোৱা গৰুখুটি প্ৰকল্পৰ এই ব্যয় কেতিয়াও বাস্তৱ সন্মত নহয় (Controversy around expenditure on Garukhuti agricultural project) । নাম প্ৰকাশত অনিচ্ছুক স্থানীয় কৃষক সকলৰ মতে, বীজ সাৰৰ নামতে পঞ্চাছ লাখ টকা, নাও ভাড়াৰ নামত ১.৩০ কোটি আৰু শ্ৰমিকৰ মজুৰিৰ নামত ১ কোটি ব্যয় হোৱাটো কেতিয়াও বাস্তৱ সন্মত হ'ব নোৱাৰে । অভিযোগ অনুসৰি, গৰুখুটি প্ৰকল্পত ৰোৱা বিত্তীয় বৰ্ষটোৰ কৃষি কৰ্মত নিয়োজিত শ্ৰমিকসকলৰ মজুৰি এম জি এনৰেগা আঁচনিৰ লগত সংযোজিত কৰা হৈছে ।

অৰ্থাৎ, কৃষি প্ৰকল্পত কাম কৰিলেও শ্ৰমিকে মজুৰি পাইছে এম জি এনৰেগাৰ অধীনত গৰুখুটি পঞ্চায়তত ধৰা আচঁনিৰ পৰাহে । উল্লেখ্য যে এম জি এনৰেগাৰ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় পৰ্টেল চালেও এই কথা স্পষ্ট হৈ পৰে । ২০২১-২২ বৰ্ষত গৰুখুটিত এম জি এনৰেগাৰ অধীনত ৰূপায়িত পোন্ধৰটাৰো অধিক আঁচনিৰ নাম 'ৰিন'ভেছন অৱ ট্ৰেডিছনেল ৱাটাৰ বডিছ'।

গৰুখুটিত পৰম্পৰাগত জলোদ্ধাৰ কাৰ্যতনো কি ইমান ৰাজহুৱা ধন বিনিয়োগ হ'ল তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা । উল্লেখ্য যে, স্থানীয় কৃষি ভূমিত বিনিয়োগ এম জি‌ এনৰেগাৰ অধীনত সম্ভৱ কৰাটো একো অপৰাধ হ'ব নোৱাৰে । কিন্তু, আচঁনিৰ বিপৰীতে শ্ৰম বিনিয়োগ হোৱাৰ পিছতো কিদৰে গৰুখুটি কৃষি প্ৰকল্পত অধ্যক্ষ পদ্ম হাজৰিকাই কেৱল শ্ৰমিকৰ নামতে এক কোটি ব্যয় কৰিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, বিধানসভাৰ মজিয়াত উত্থাপন হোৱা বিত্তীয় কথাত বাদেও বিধায়ক গৰাকীয়ে এই প্ৰকল্পৰ উদ্দেশ্য আৰু কৰ্মপন্থা সন্দৰ্ভত কিছু প্ৰশ্নৰো অৱতাৰনা কৰিছিল । এই কামত কোনো কাৰিকৰী দক্ষতা সম্পন্ন প্ৰতিষ্ঠানক জড়িত কৰা হৈছে নে নাই সেই কথাও হোৱা নাছিল । কিন্তু তেনে প্ৰশ্নৰ বিপৰীতে কোনো সুদূত্তৰ নাছিল । অভিযোগ অনুসৰি, যোৱা বিত্তীয় বৰ্ষটোত উল্লিখিত ধৰণে ব্যয় কৰাৰ পিছতো শেহতীয়া বাজেটত একেটা প্ৰকল্পৰ নামত ৫০ কোটি টকা ধাৰ্য কৰা হৈছে । ৰাজহুৱা পুঁজিৰ এনে ব্যৱহাৰে সচেতনজনক সচকিত কৰাই স্বাভাৱিক ।

লগতে পঢ়ক : ব’হাগ বিহু, পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.