ETV Bharat / state

ধেমাজিৰ জীয়াঢলৰ মথাউৰিৰ নিৰ্মাণকাৰ্য ৩৫ শতাংশ কাম সম্পূৰ্ণ

author img

By

Published : May 15, 2022, 9:18 PM IST

বাৰিষাৰ আগমণৰ লগে লগে উদ্বিগ্ন ধেমাজিবাসী ৷ ৩৫ কাম শতাংশ সম্পূৰ্ণ জীয়াঢলৰ পঞ্চাশ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণকাৰ্য (Dhemaji Jiadhal embankment)৷

Construction of the Dhemaji Jiadhal embankment is incomplete
ধেমাজিৰ জীয়াঢলৰ মথাউৰিৰ নিৰ্মাণকাৰ্য ৩৫ শতাংশ কাম সম্পূৰ্ণ

ধেমাজি, 15 মে' : বাৰিষাৰ আগমণৰ লগে লগে উদ্বিগ্ন ধেমাজিবাসী ৷ ৩৫ শতাংশ সম্পূৰ্ণ হৈছে জীয়াঢলৰ পঞ্চাশ কোটি টকীয়া মথাউৰিৰ নিৰ্মাণকাৰ্য (Dhemaji Jiadhal embankment)৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৱ্যৱহাৰ হৈছে মথাউৰি নিৰ্মাণ প্ৰক্ৰিয়াত আৰ এম ই পদ্ধতি য’ত ব্যৱহাৰ কৰা হৈছে জিও ছিন্থেটিক বেগ ৷

ধেমাজিৰ জীয়াঢলৰ মথাউৰিৰ নিৰ্মাণকাৰ্য ৩৫ শতাংশ কাম সম্পূৰ্ণ

ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ মহা প্লাৱনে সুদীৰ্ঘ কেইবাটাও দশকধৰি ধেমাজিবাসীক জলা-কলা খুৱাই আহিছে ৷ জীয়াঢল মথাউৰিৰ বাঁওপাৰৰ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্য বিগত ২০০৭ চনত ছিগি পৰাৰ ফলত সুদীৰ্ঘ ১৫টা বছৰে উক্ত অংশ সম্পূৰ্ণ উন্মুক্ত হৈ থকাত জীয়াঢল নদীৰ পানী সেই উন্মুক্ত অংশৰে সোমাই এক প্ৰকাৰে তচনচ কৰি পেলাইছিল মুঠ ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত ৮ খন পঞ্চায়তৰ অৰ্দ্ধ শতাধিক গাঁও ৷

ইপিনে, এই উন্মুক্ত ৬ কিলোমিটাৰ অংশত মথাউৰি নিৰ্মাণৰ বাবে ধেমাজিবাসীয়ে অসম চৰকাৰৰ উপৰি ৰাজ্যৰ জলসম্পদ বিভাগে ওচৰত বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ অৱশেষত ধেমাজিত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে জীয়াঢল নদীৰ এই উন্মুক্ত অংশ বন্ধ কৰাৰ বাবে মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

যাৰ ফলত ৰাজ্য চৰকাৰৰ SOPD FDR শিতানৰ প্ৰায় ৫০ কোটি ব্যয় সাপেক্ষে প্ৰতিষ্ঠিত বহুজাতিক কোম্পানী FLEXI TAP VANTURE INTERNATIONAL COMPANYয়ে ৯ মাৰ্চৰ পৰা আৰ এম ই নামৰ অত্যাধুনিক পদ্ধতিৰে ধেমাজি জীয়াঢলৰ বুকুত বাহৰ পাতি জীয়াঢলৰ উন্মুক্ত ৬ কিলোমিটাৰ ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ।

ইতিমধ্যে এই মথাউৰিৰ প্ৰথমটো লেয়াৰৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷ কিন্তু বাৰিষাৰ পূৰ্বে অহা মূষলধাৰ বৰষুণৰ ফলত ক্ষীপ্ৰতাৰে আগবাঢ়িব পৰা নাই মথাউৰি নিৰ্মাণৰ কাম ৷ যাৰ ফলত এই পৰ্যন্ত মাত্ৰ ৩৫ শতাংশ কামহে সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে (Construction of the Dhemaji Jiadhal embankment is incomplete)৷ ইপিনে এই মথাউৰিটোৱে বৃহত্তৰ জীয়াঢলপৰীয়াৰ লগতে ধেমাজিবাসীক সকাহ দিব পাৰিব বুলি আশা প্ৰকাশ কৰে অঞ্চলটোৰ সচেতন লোকে ৷

লগতে পঢ়ক : মহানগৰীত ধাৰাষাৰ বৰষুণ; কৃষ্ণনগৰত খহিল গাৰ্ডৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.