ETV Bharat / state

জোনাইৰ বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ

author img

By

Published : Aug 25, 2020, 10:43 AM IST

Complaint of land encroachment by flood affected
বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ

চিমেন চাপৰিৰ বানাক্ৰান্ত ৰাইজৰ ভূমি দখলক কেন্দ্ৰ কৰি অব্যাহত উত্তেজনা ৷ ১৯ টা জনগোষ্ঠীয় সংগঠনৰ বানাক্ৰান্ত ৰাইজক উক্ত মাটিতে সংস্থাপন দিবৰ বাবে হুংকাৰ প্ৰদান ৷

জোনাই, 25আগষ্টঃ বিগত কিছু দিনৰ পৰা জোনাইৰ একাংশ বানাক্ৰান্ত ৰাইজে চৰকাৰী মাটি দখল কৰাক লৈ অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷ এইবাৰ বানত সকলো হেৰুৱাই ভগনীয়াৰ দৰে জীৱন যাপন কৰা জোনাইৰ মহকুমাৰ শতাধিক বানাক্ৰান্ত ৰাইজে চিমেন চাপৰিৰ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিল ৷ চিমেন চাপৰিৰ চৰকাৰী ভূমিত জোনাইৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈ থকা অৱস্থাত জোনাই মহকুমা প্ৰশাসনে উচ্ছেদ কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদত টি এম পি কেৰ উদ্যোগত মহকুমাটোৰ ১৯ টা জনগোষ্ঠীয় সংগঠনে চিমেন চাপৰি মহাবিদ্যালয়ৰ প্ৰাংগনত দ্বিতীয় বাৰৰ কাৰণে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে । উক্ত সভাত বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ বিপৰীতে উচ্ছেদ কৰিব বিচৰা কাৰ্যক প্ৰবল বিৰোধিতা কৰা হয় ।

বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ

লগতে চিমেন চাপৰি উন্নয়ন সমিতি আৰু স্থানীয় দল-সংগঠনৰ পৃষ্ঠপোষকতাত বানাক্ৰান্ত ৰাইজক উচ্ছেদ কৰিবলৈ সাৰ পানী যোগান ধৰা কাৰ্য্যক ১৯ টা সংগঠনৰ প্ৰতিনিধিয়ে একেমুখে গৰিহণা দিয়ে। লগতে যেতিয়ালৈকে বানত গৃহহাৰা হোৱা ৰাইজক পুনৰ সংস্থাপন নিদিয়ে তেতিয়ালৈকে উচ্ছেদ কৰিব নোৱাৰিব বুলি সকীয়াই দিয়ে । খিলঞ্জীয়া জনসাধাৰণক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি যদি খিলঞ্জীয়া বিৰোধী কাৰ্যকলাপত লিপ্ত হয় তেন্তে ১৯ সংগঠনৰ নেতৃত্বত বানাক্ৰান্ত ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে উক্ত সভাতে । ইয়াৰ বাবে ১৯ সংগঠনৰ সহযোগত এখন সমন্বয় সমিতি গঠন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । মহকুমা প্ৰশাসনে উচিত তদন্ত কৰি প্ৰকৃততে বানত ক্ষতিগ্ৰস্ত লোককহে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলিও সভাত মন্তব্য কৰা হয় । তাৰ বাবে ১৯ টা সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে মহকুমা প্ৰশাসনক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰস্তুত থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।

Complaint of land encroachment by flood affected
বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ
লগতে পঢ়কঃ ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.