ETV Bharat / state

ধেমাজিৰ গেলুৱাৰ পৰা জব্দ 90 টা গৰু

author img

By

Published : Jul 19, 2020, 7:06 PM IST

দেওবাৰে ধেমাজি জিলাৰ অন্তৰ্গত গেলুৱাৰ পৰা এটা অভিযানকাৰী আৰক্ষীৰ দলে জব্দ কৰে 90 টাকৈ গৰু ৷ ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় ঘনৱটে প্ৰদান কৰা এক নিৰ্দেশমৰ্মে অভিযান চলোৱা হৈছিল গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ৷

গেলুৱাৰ পৰা জব্দ 90 টা গৰু
গেলুৱাৰ পৰা জব্দ 90 টা গৰু

জোনাই, 19 জুলাই: ধেমাজিৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে দেওবাৰে ধেমাজি আৰক্ষীৰ এটা দলে অতৰ্কিতে অভিযান চলাই জব্দ কৰে ৯০ টাকৈ গৰু ৷ ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত গেলুৱাত গৰু চিণ্ডিকেট চক্ৰ থকা বুলি অৱগত হয় আৰক্ষী ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে স্থানীয় গাঁওবুঢ়াৰ সহযোগত যোৱা আৰক্ষীৰ দলটোৱে গেলুৱাৰ ভিন্ন ঠাইত তালাচী চলাই গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী গৈ পোৱাৰ পাচতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে গৰুৰ গৰাকীসকল ৷

শেহতীয়াকৈ বিশ্বনাথ জিলা আৰক্ষীৰ গহপুৰ,হাৱাজান,হেলেম আৰু জিনজিয়া আৰক্ষী থানাৰ লোকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত প্ৰায়,১০ খন গৰু কঢ়িয়াই অনা ট্ৰাকৰ পৰা প্ৰায় ২৩৭ টা গৰু জব্দ কৰে ৷ তাৰ মাজতে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেলুৱাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু সংগ্ৰহ কৰাৰ চাঞ্চল্যকৰ তথ্য সংবাদ মাধ্যমত ফাদিল হৈছিল ৷

ধেমাজিৰ গেলুৱাৰ পৰা জব্দ 90 টা গৰু

সমগ্ৰ ঘটনাটোৰ তথ্য সংগ্ৰহ কৰি ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডঃ ধনঞ্জয় ঘনৱটে, জোনাই চক্ৰৰ পৰিদৰ্শক ৰাজু গগৈ আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীক ঘটনাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা প্ৰায় 6:50 বজাৰ পৰা বিএছএফ আৰু চিআইএছএফৰ দলে অভিযান চলাই গৰু কেইটা জব্দ কৰে ৷ জব্দকৃত গৰু কেইটা সম্প্ৰতি চিলাপথাৰ আৰক্ষী,চিচিবৰগাঁও আৰক্ষী আৰু জিলা পশু চিকিৎসা বিভাগক চমজাই দিয়ে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ লগতে গেলুৱা গাঁৱৰ চুলেমান আলিৰ ঘৰৰ পৰা ২৩ টা,উকীল খানৰ পৰা ২৪ টা,মুক্তাৰ খানৰ ৮ টা,ৰফিকুল হকৰ পৰা ১০ টা,জমিৰুদ্দিন আহমেদৰ পৰা ১৬ টা আৰু ৰয়েল আলিৰ ঘৰৰ পৰা ৯ টা গৰু জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে দেওবাৰৰ দিনটোতে গোঁসাইগাঁও সদৰ আৰক্ষী চকীৰ আন এটা অভিযানকাৰী আৰক্ষীৰ দলে বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই 48 টা গৰুসহ দুখন ট্ৰাক জব্দ কৰে ৷

লগতে পঢ়ক: 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ জব্দ দুখন ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.