ETV Bharat / state

ভূৱন পেগুক টিকট দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে !

author img

By

Published : Mar 3, 2021, 7:52 AM IST

bjp workers protest against bhuban pegu in silapathar
bjp workers protest against bhuban pegu in silapathar

ন বিজেপি তথা বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ ধেমাজিৰ বিজেপি কৰ্মীৰ ৷ নতুনকৈ বিজেপি দলত যোগদান কৰা ভূৱন পেগুক অসম বিধানসভা নিৰ্বাচনত টিকট প্ৰদান নকৰিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বান বিজেপি কৰ্মীৰ ৷ পেগুক টিকট প্ৰদান কৰিলে ভোট বৰ্জনৰ দৰে পদক্ষেপ হাতত লোৱাৰ হুংকাৰ প্ৰতিবাদী বিজেপি কৰ্মীৰ ৷

জোনাই,3 মাৰ্চ: ন বিজেপি তথা জোনাই সমষ্টিৰ গণশক্তি দলৰ বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে জোনাইত বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷ মঙলবাৰেও বিধায়ক পেগুৰ বিজেপি দলত যোগদানক লৈ ক্ষোভ প্ৰকাশ কৰি সমষ্টিটোৰ শতাধিক কৰ্মীয়ে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷

চিলাপথাৰৰ কুলাজানৰ সমীপত হাতে হাতে প্লে’কাৰ্ড লৈ বিজেপি কৰ্মীসকলে প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ 'ভূৱন পেগু গ' বেক', 'ভূৱন পেগুক নালাগে', 'প্ৰদান বৰুৱা মুর্দাবাদ', 'ৰাইজৰ মাটি বিক্ৰী কৰিব বিচৰা ভূৱন পেগুক নালাগে' আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷ বিধায়ক পেগুৱে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিত যোগদান কৰা বুলি প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে ৷

পেগুক টিকট প্ৰদান নকৰিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বান প্ৰতিবাদী বিজেপি কৰ্মীৰ

টিকট লাভৰ আশাত বিধায়ক পেগুৱে বিজেপিত যোগদান কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে যদিহে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ আহ্বান তথা প্ৰৱল প্ৰতিবাদক আওকাণ কৰি দলে পেগুক টিকট প্ৰদান কৰে তেন্তে কৰ্মীসকলে বিকল্প ব্যৱস্থা লোৱাৰ উপৰিও ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ব ৷

উল্লেখ্য যে, কুলাজান অঞ্চলৰ লগতে জোনাই, তেলাম, ডেকাপাম আদি স্থানতো সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

লগতে পঢ়ক: পাঁচটা গেৰাণ্টিৰে অসমত চৰকাৰ গঠন কৰিব মহাজোঁটে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.