Awareness programme against drugs: অয়ান নদীৰ পাৰত বৃক্ষ ৰোপণেৰে ড্ৰাগছ বিৰোধী সজাগতা সভা

author img

By

Published : Jul 31, 2022, 3:04 PM IST

awareness tree plantation programme  against drugs at Jonai

শনিবাৰে অৰুণাচল প্ৰদেশৰ অয়ান নদীৰ পাৰত বৃক্ষ ৰোপণেৰে ড্ৰাগছ বিৰোধী সজাগতা সভা এখন অনুষ্ঠিত হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে চাফাই অভিযান কাৰ্যসূচীও হাতত লোৱা হয় (Clean up campaigns at Jonai) ৷

জোনাই, ৩১ জুলাই: অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত অয়ান অঞ্চলত সদৌ অয়ান ছাত্ৰ সন্থাৰ উদ্যোগত এক বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (Awareness tree plantation programme against drugs ) ৷ পৰিৱেশ সুৰক্ষা কৰা, পৰিষ্কাৰ পৰিছন্নতা কৰি ৰখা, ড্ৰাগছ বিৰোধী সজাগতা আদি লক্ষ্যৰে শনিবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় ৷

অৰুণাচল প্ৰদেশৰ অয়ান নদীৰ পাৰত বৃক্ষ ৰোপণেৰে ড্ৰাগছ বিৰোধী সজাগতা সভা

পৰিষ্কাৰ পৰিছন্নতাৰে পৰিৱেশ সুৰক্ষা কৰা, ড্ৰাগছ বিৰোধী সজাগতা অনাৰ লক্ষ্যৰে শনিবাৰে ৰূপায়ণ কৰে এক বৃক্ষ ৰোপন কাৰ্যসূচীৰ লগতে সজাগতা সভা ৷ এই বৃক্ষৰোপণ কাৰ্যসূচী অয়ান চিলে আৰক্ষী চকী, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, অয়ান চাৰিআলিৰ লগতে চিলে নদীৰ পাৰত অনুষ্ঠিত কৰা হয় (Tree plantation programme at Jonai) ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে চাফাই অভিযান কাৰ্যসূচীও হাতত লোৱা হয় (Clean up campaigns at Jonai) ৷

বৃক্ষৰোপণ কাৰ্যসূচীত অয়ান ব্লক জিলা পৰিষদৰ সদস্য বিমল লে'গ, ৰুকচিনৰ মহকুমা আৰক্ষী বিষয়া তকেন চাৰিং, সদৌ অয়ান ছাত্ৰ সন্থাৰ সভাপতি সোৰজ পাইট আৰু অয়ান আত্মসহায়ক গোটসমূহৰ সদস্যাৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ ইফালে চিলে নদীত অসম-অৰুণাচলৰ লোকে প্ৰমোদ ভ্ৰমণলৈ গৈ সুৰাপান তথা অসমাজিক কাৰ্য-কলাপৰ পৰা বিৰত থাকি অয়ান তথা অৰুণাচল প্ৰদেশৰ আন এক পৰ্যটন থলী অয়ান নদীৰ পাৰক সুস্থ তথা পৰিষ্কাৰ কৰি ৰখাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: মোডী চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিছে : নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.