মোডী চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিছে : নিৰ্মলা সীতাৰমণ

author img

By

Published : Jul 31, 2022, 12:47 PM IST

NDA

তামিলনাডুত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 'Modi@20 Dreams to Delivery' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানত মোডী চৰকাৰৰ বিভিন্ন আঁচনিৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে (Nirmala Sitharaman on various scheme of NDA Govt)। তেওঁৰ মতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে মোডী চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিছে ।

নেশ্যনেল ডেস্ক,৩১ জুলাই : 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ।' এই মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ । শনিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিৰ জৰিয়তে চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিছে (NDA govt brought in fundamental changes)। মন্ত্ৰীগৰাকীৰ মতে বিশ্বৰ কেইবাখনো উন্নত দেশ মন্দাৱস্থাত পৰাৰ আশংকাত থকাৰ সময়তে ভাৰত প্ৰগতিশীল পথত আছে ।

চৰকাৰৰ অন্যতম আঁচনি জন ধন যোজনাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম অৱস্থাত বহু বিৰোধী নেতাই এই আঁচনিক লৈ আশংকা প্ৰকাশ কৰিছিল (Nirmala Sitharaman on Jan Dhan Yojana)। তেওঁলোকে চৰকাৰক প্ৰশ্ন কৰিছিল কেনেকৈ দৰিদ্ৰ আৰু দলিত শ্ৰেণীৰ লোকৰ একাউণ্টত চৰকাৰে পুঁজি জমা কৰিব ? কিন্তু বৰ্তমান সেই আঁচনিৰ অধীনত খোলা একাউণ্টবোৰত ১.৬০ লাখ কোটি টকা জমা আছে ।

মন্ত্ৰী সীতাৰমণে 'Modi@20 Dreams to Delivery' শীৰ্ষক এখন গ্ৰন্থ মুকলি কৰাৰ পিছতে এই মন্তব্য কৰে (Modi@20 Dreams to Delivery released)। জন ধন আঁচনিক সমালোচনা কৰা তামিলনাডুৰ এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতাক আক্ৰমণ কৰি সীতাৰমণে প্ৰশ্ন কৰে যে সেই নেতাগৰাকীয়ে বৰ্তমান এই আঁচনিক লৈ কি ক'ব ? সীতাৰমণে মোডীক প্ৰশংসা কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেৱল ক্ষমতাৰ বাবে নহয় দেশৰ মৌলিক বিষয়বোৰৰ পৰিৱৰ্তনৰ বাবে শাসনলৈ আহিছে ।

সীতাৰমণৰ মতে নাগৰিকসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Nirmala Sitharaman praises Modi)। ৰাইজৰ সমস্যাবোৰ বুজি পায় আৰু কোনো ভাষা তেওঁৰ বাবে বাধা নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ।

ক'ভিড পৰিস্থিতিৰ কথা স্মৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিড সৃষ্ট লকডাউনৰ ফলত দেশৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছিল । কিন্তু তেনে পৰিস্থিতিত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে নিয়মীয়াকৈ বৈঠকৰ আয়োজন কৰি সকলো পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল মোডীয়ে । যাৰ পৰিণতিত বৰ্তমান দেশত ২০০ কোটিৰো অধিক ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

মৌলিক পৰিৱৰ্তন অনাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ এক উদাহৰণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে, শীৰ্ষ সন্মান পদ্ম বঁটাৰ বাবে মোডী চৰকাৰে বিভিন্ন স্তৰৰ লোকক চিনাক্ত কৰি উলিয়াইছে । চৰকাৰৰ আন এক আঁচনিৰ বিষয়ে উল্লেখ কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰৰ উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ অধীনত 'আটাইতকৈ পিছপৰা' বুলি বিবেচনা কৰা জিলাসমূহক 'উচ্চাকাংক্ষী জিলা'লৈ ৰূপান্তৰিত কৰা হ'ব । আঁচনিখনৰ অধীনত প্ৰায় ১১৬ খন জিলা চিনাক্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনকি অ-বিজেপি শাসিত ৰাজ্যসমূহৰ অধীনত থকা জিলাসমূহকো সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, গ্ৰন্থখন উন্মোচনৰ সময়ত তামিলনাডুৰ বিজেপি সভাপতি আন্নামালাইকে ধৰি জ্যেষ্ঠ বিজেপি নেতাসকল উপস্থিত থাকে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱালৈকে ৰাজনৈতিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছে 'Modi@20 Dreams to Delivery' শীৰ্ষক গ্ৰন্থখনত । গ্ৰন্থখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় খেলুৱৈ পি ভি সিন্ধু আৰু আইটি প্ৰতিষ্ঠান ইনফোচিছৰ বিষয়া নন্ধন নিলেকানিকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ সংকলন সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত ।

লগতে পঢ়ক :All India DLSA meet 2022 : প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.