ETV Bharat / state

Assam TMC: মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত CBI-EDৰ তদন্তৰ দাবী ৰিপুণ বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 5:48 PM IST

ধেমাজিত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ৷ প্ৰায় 80 জন লোকৰ বিজেপিত যোগদান ৷ চৰকাৰক আক্ৰমণ সভাপতি ৰিপুণ বৰাৰ ৷

Assam TMC
Assam TMC

ধেমাজিত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

ধেমাজি, 22 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰী আৰু 10 কোটি টকাৰ ৰাজসাহায্যৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া আৰু বিতৰ্ক অব্যাহত আছে ৷ শুকুৰবাৰে ধেমাজিত এক যোগদান কাৰ্যসূচীত অংশ লৈ ইয়াৰ বিৰুদ্ধে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দহ কোটি টকাৰ ৰাজসাহায্য লৈ নিৱনুৱা তথা কৃষকক বঞ্চিত কৰিছে ৷ ভূমি আইন উলংঘা কৰি ভূমি ক্ৰয় কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ED-CBI ক ব্যৱহাৰ কৰি যিদৰে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে তদন্ত কৰাইছে ঠিক সেইদৰে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধেও তদন্ত কৰিব লাগে বুলি বৰাই দাবী কৰে ৷

ৰাজ্য চৰকাৰক সমালোচনা কৰি তেওঁ আৰু কয় যে ইখনৰ পিছত সিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি কৰিছে ৷ তাৰ বিপৰীত ইয়াক চলাবলৈ প্ৰয়োজনীয় অধ্যাপক, চিকিৎসক, নাৰ্চ, টেকনিচিয়ান নাই ৷ কমিছনৰ বাবেহে চিকিৎসা মহাবিদ্যালয়সমূহ নিৰ্মাণ কৰা হৈছে ৷ অসম মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰীসকলক কেৱল ফুলদানিৰ দৰে ৰাখিছে ৷ ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ দিশে আগবাঢ়িছে ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উত্তৰণৰ বাবে চৰকাৰে এই কাম কৰা বুলি অভিযোগ কৰে বৰাই ৷

উল্লেখ্য যে ৰিপুণ বৰাৰ উপস্থিতিত শুকুৰবাৰে ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত সদৰৰ জিলা গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসুচী অনুষ্ঠিত কৰা হয়৷ জিলা TMCৰ সভাপতি বাবুল সোণোৱালৰ পৌৰহিত্যত অনুষ্ঠিত যোগদান কাৰ্যসূচীত পঞ্চায়তৰ উপ-সভাপতি, ৱাৰ্ড মেম্বাৰ, বিজেপি বুথৰ সভাপতি, অগপ আৰু কংগ্ৰেছৰ প্ৰায় আশীজন লোকে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷

লগতে পঢ়ক: 2024 Lok Sabha Election: মিত্রদললৈ তিনি এৰি এঘাৰৰ লক্ষ্যৰে লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ শাসকীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.