ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত উজ্বলিল ধেমাজিৰ দুই কিশোৰী

author img

By

Published : Sep 7, 2021, 5:53 PM IST

Assam Girl won gold medal in kick boxing championship

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰত উজ্বলিল অসম । ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে পূজা গগৈ আৰু লক্ষীমাই গগৈয়ে । পদক জয় কৰি গৃহভূমিত উপস্থিত হোৱাৰ পাছতে দুয়োগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিলে স্থানীয় দল-সংগঠনে ।

স্পৰ্টছ ডেস্ক, ৭ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়েৰে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ধেমাজিৰ পূজা গগৈ আৰু লক্ষীমাই গগৈয়ে । বহু বাধা নেওচি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে কিশোৰী দুগৰাকী । গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল পূজা গগৈ আৰু লক্ষীমাই গগৈয়ে । প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ।

ধেমাজিৰ ভিতৰুৱা অঞ্চল উত্তৰ হাতীপৰা আৰু বৰফুকন গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ পূজা আৰু লক্ষীমায়ে অসমলৈ সুনাম কঢ়িয়াই আনিছে ৷ বক্সাৰ দুগৰাকীয়ে পদক জয় কৰি আহি গৃহভূমিত পদাৰ্পণ কৰাৰ লগে লগে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে উষ্ম আদৰণি জনায় ৷ লগতে দুয়োৰে সাফল্যক লৈ উৎফুল্লিত হৈ পৰে স্থানীয় ৰাইজ ৷ আনহাতে, সন্তানৰ সাফল্যত গৌৰৱান্বিত হৈছে তেওঁলোকৰ পিতৃ-মাতৃয়ে ৷

ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত উজ্বলিল ধেমাজিৰ দুই কিশোৰী

সোমবাৰে দুয়োকে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে স্থানীয় সংগঠনৰ নেতৃত্বই শুভেচ্ছা জ্ঞাপন কৰে । লগতে অনাগত দিনত খেলুৱৈ দুগৰাকী এই দিশত আগবাঢ়ি যোৱাৰ কামনা কৰে । আনহাতে, খেলুৱৈ দুগৰাকীয়েও সফলতাৰ দিশত এনেদৰেই আগুৱাই যোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বাছৰ সলনি বোকা-পানীৰে পৰিপূৰ্ণ ASTC ৰ বাছ আস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.