ETV Bharat / state

Anganwadi Workers Protest: সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল ধেমাজি

author img

By

Published : May 26, 2023, 8:38 PM IST

ধেমাজিত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক চৰকাৰে বৈষম্যমূলক আচৰণ কৰিছে বুলি অভিযোগ কৰিছে তেওঁলোকে (Anganwadi Workers and Helpers Protest) ৷

Anganwadi Workers and Helpers Protest
ধেমাজিত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ধেমাজি, 26 মে’: ধেমাজিত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ ৷ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীৰে 23 মে’ৰ পৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে যি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তাৰ অংশ হিচাবে ধেমাজিতো সাব্যস্ত কৰা হয় প্ৰতিবাদ (Anganwadi Workers and Helpers Protest in Dhemaji) ৷

মুখ্যমন্ত্ৰীয়ে মাহী আইৰ দৃষ্টিৰে বুলি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অভিযোগ ৷ প্ৰাপ্য বিছাৰি দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ কৰি অহা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সমস্যাৰ প্ৰতি বৰ্তমানো কোনো গুৰুত্ব দিয়া নাই বুলিও তেওঁলোকে উল্লেখ কৰে ৷ যাৰ বাবে এনেদৰে নিজৰ অধিকাৰ আৰু প্ৰাপ্য বিছাৰি ৰাজপথত বাৰে বাৰে প্ৰতিবাদত নামিব লগা হয় অংগনৱাড়ী কৰ্মী-সহায়িকাসকল ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক চৰকাৰে বৈষম্যমূলক আচৰণ কৰিছে বুলিও অভিযোগ কৰিছে তেওঁলোকে (Anganwadi Workers and Helpers Protest) ৷

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰাপ্যৰ দাবীত শুক্ৰবাৰে ধেমাজি সদৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চাৰিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ অন্তত আজি জিলাখনৰ ১৯ টা খণ্ডৰ দুই সহস্ৰাধিক প্ৰতিবাদী মহিলাই সমগ্ৰ নগৰত বিশাল প্ৰতিবাদী সমদল উলিয়াই উত্তাল কৰে পৰিৱেশ ৷ মাননিৰ সলনি মজুৰি দিয়ক ,আমাক উত্তৰ লাগে আদি শ্ল’গানেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় প্ৰতিবাদকাৰীসকলে (Anganwadi Workers and Helpers) ৷

ইফালে চৰকাৰখনে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক মাহী আইৰ দৃষ্টিৰে চাই ৰাজ্যৰ অন্যান্য কৰ্মচাৰীসকলক অধিক সা-সুবিধা প্ৰদান কৰি অহাৰ লগতে নতুনকৈ হাজাৰ হাজাৰ লোকক সমাৰোহ পাতি নিযুক্তি দিছে বুলি জাঙুৰ খাই উঠে ৷ ঘৰৰ দহোবন কাটি কৰি হলেও চৰকাৰে দিয়া অত্যাধিক কামৰ বোজা হেলাৰঙে পালন কৰি অহাৰ পিচতো মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে প্ৰতিবাদী অংগনৱাড়ী কৰ্মী-সহায়িকাসকল ৷ সেয়েহে অতি শীঘ্ৰেই তেওঁলোকৰ সমস্যাসমূহ সমাধান নকৰিলে পৰৱৰ্তী সময়ত মাহজোৰা আন্দোলন কৰিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে (Anganwadi Workers Protest) ৷

লগতে পঢ়ক: Anganwadi Workers Protest: অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত কঁপিল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.