Bat preserve at Jonai: বাদুলি প্ৰেম : নিজৰ বাৰীখনেই এৰি দিলে বাদুলিৰ বাবে

author img

By

Published : Jan 24, 2023, 4:30 PM IST

Bat preserve at Jonai

জোনাইৰ এটা পৰিয়াল ৷ বিগত প্ৰায় ৩০ বছৰৰো অধিক কাল ধৰি হাজাৰ হাজাৰ বাদুলিক সংৰক্ষণ কৰি আহিছে পৰিয়ালটোৱে (Bat preserve at Jonai ) ৷ উক্ত পৰিয়ালটোৰ বাদুলি সংৰক্ষণৰ এই নিদৰ্শন সঁচাই প্ৰসংশনীয় (family who conserved bats for many years) ৷

বাদুলিৰ এখন বিশাল সাম্ৰাজ্য

জোনাই, ২৪ জানুৱাৰী : বাদুলিৰ এখন বিশাল সাম্ৰাজ্য (Bat empire at Jonai) । এই সাম্ৰাজ্যতে আছে হাজাৰ হাজাৰ বাদুলি । সম্প্ৰতি একাংশ দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহত পৰি সংকুচিত হৈ আহিছে ৰাজ্যৰ বনাঞ্চলসমূহ । ফলত চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বাসস্থানৰ অভাৱ ঘটিছে । আনহে নালাগে বহু আপুৰুগীয়া চৰাই-চিৰিকটি আৰু বন্যপ্ৰাণী ক্ৰমে বিলুপ্তিৰ দিশে গতি কৰিছে ।

এনে সময়তে জোনাইৰ অমৃতপুৰ গাঁৱৰ নিবাসী লক্ষীকান্ত পেগু আৰু তেওঁৰ পৰিয়ালে যোৱা প্ৰায় ৩০ বছৰৰো অধিককাল ধৰি হাজাৰ হাজাৰ বাদুলি সংৰক্ষণ কৰি দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমৰ এক বিৰল নিদৰ্শন (Bat preserve at Jonai) । জানিব পৰা মতে, অমৃতপুৰ গাঁৱৰ লক্ষীকান্ত পেগুৰ লগতে তেওঁৰ পৰিয়ালটোৱে বিগত প্ৰায় ৩০ বছৰে বাদুলি সংৰক্ষণৰ উদ্দেশ্যে নিজৰ বাঁহ বাৰীক বাদুলিৰ বাসস্থান হিচাপে গঢ়ি তুলিছে (Family who conserved bats for many years) ৷

Bat preserve at Jonai
বাদুলিৰ এখন বিশাল সাম্ৰাজ্য

সেয়ে আজিও উক্ত বাঁহ বাৰীখনত আশ্ৰয় গ্ৰহণ কৰি আহিছে হাজাৰ হাজাৰ বাদুলিয়ে । আনকি বিগত প্ৰায় ৩০ বছৰে পৰিয়ালটোৱে উক্ত বাঁহ বাৰীখনৰ বাঁহ কিম্বা তাত থকা গছসমূহ নকটাকৈ বাদুলিৰ বাসস্থানৰ বাবে সংৰক্ষণ কৰি আহিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে জোনাইৰ অমৃতপুৰ গাঁৱৰ উক্ত পৰিয়ালটোৰ সদস্যই ৷

লগতে পঢ়ক : Tribute to poet Nilmani Phookan: নগাঁৱৰ কলঙৰ পাৰত কবিতাৰে স্মৰণ কবি নীলমণি ফুকনক

উল্লেখ্য যে, যিটো সময়ত মাজে সময়ে একাংশ দুষ্কৃতিকাৰীয়ে বাদুলি বা অন্য বন্য জীৱকূল নিধনৰ চেষ্টা কৰিছে ৷ তেনে সময়তে বন্য দুষ্কৃতিকাৰীৰ কবলৰ পৰা নিৰাপত্তা দিয়াৰ স্বাৰ্থত নিজ ঘৰতে লক্ষীকান্ত পেগু আৰু তেওঁৰ পৰিয়ালে আশ্ৰয় দিছে হাজাৰ হাজাৰ বাদুলিক ৷ অনকি হাজাৰ হাজাৰ বাদুলিয়েও নিৰাপদ স্থান হিচাপে থিতাপি লৈছে পেগু পৰিয়লটোৰ বাহ বাৰীত ।

পেগু পৰিয়লটোৰ সদস্যই উল্লেখ কৰা অনুসৰি, ৰাতি খাদ্যৰ সন্ধানত দূৰ-দূৰণিলৈ ওলাই যায় হাজাৰ হাজাৰ বাদুলি ৷ পুৱাৰ ভাগত পুনৰ নিজ বাসস্থান বাঁহ বাৰীখনলৈ ঘূৰি আহে বাদুলিবোৰ ৷ তাৰ পাচতেই বাদুলিৰ কল-কাকলিত মুখৰিত হয় সমগ্ৰ অঞ্চলটো ৷ অৱশ্যে লক্ষীকান্ত পেগুৰ পৰিয়ালটোৰ লগতে গাঁওখনৰ একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজৰো বাদুলিবোৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট অৱদান থকা বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে পৰিয়ালটোৰ সদস্য লক্ষীকান্ত পেগুৱে ।

জোনাইৰ অমৃতপুৰ গাঁৱৰ লক্ষীকান্ত পেগু আৰু তেঁওৰ পৰিয়ালে বিগত প্ৰায় ৩০ বছৰৰো অধিক কাল ধৰি নিজৰ বাঁহ বাৰীত এনেদৰে হাজাৰ হাজাৰ বাদুলি সংৰক্ষণ কৰি সঁচাকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰকৃতি প্ৰেমৰ এক বিৰল নির্দশন ।

লগতে পঢ়ক : Nagaon child against intolerance: নগাঁৱত সম্প্ৰীতিৰ নিদৰ্শন এজাক শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.