Republic Day preparation: ধেমাজিৰ কাছাৰী ময়দানত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Jan 25, 2023, 1:47 PM IST

74th Republic Day preparation in Dhemaji

ধেমাজিৰ কাছাৰী ময়দানত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি (Republic Day preparation in Dhemaji) ৷ অন্তিম অনুশীলনত ব্যস্ত আৰক্ষীৰ কুচকাৱাজৰ দল ৷

কাছাৰী ময়দানত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

ধেমাজি, 25 জানুৱাৰী: সমাগত ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ গণৰাজ্য দিৱসক লৈ দেশ তথা ৰাজ্যজুৰী চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো চলিছে দিৱসটি উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷ ধেমাজিৰ কাছাৰী ময়দানত গণৰাজ্য দিৱস উদযাপন বাবে সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন ৷

জিলাখনৰ কাছাৰী ময়দানত আজি আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি বাহিনী আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা হ’ব লগা পেৰেডৰ কুচকাৱাজ দলে অন্তিম অনুশীলনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় (74th Republic Day preparation in Dhemaji) ৷ এইবাৰ ২৮ টা বিভিন্ন দলে পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুশীলনত অংশ লৈছে (Republic Day preparation in Assam) ৷

উল্লেখ্য যে ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনটোতে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত সংঘটিত হৈছিল এটা ভয়াৱহ বোমা বিস্ফোৰণ । স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজি মহাবিদ্যালয়ৰ পেৰেডৰ স্থানত বহু লোকৰ লগতে স্কুলীয়া কণ কণ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মাতৃসকল উপস্থিত হৈছিল । কিন্তু পুৱা ৯ বাজি ৩০ মিনিটতেই সংঘটিত হয় এক অনাকাংক্ষিত তথা হৃদয়বিদাৰক ঘটনা । যি ঘটনাই প্ৰাণ কাঢ়ি লয় কণ কণ শিশুসহ তেওঁলোকৰ মাতৃৰ লগতে বহুলোকৰ ৷

বিস্ফোৰণত প্ৰায় ১৮ গৰাকী লোক নিহত হোৱাৰ লগতে ৪০ ৰো অধিক লোক গুৰুত্বৰ ভাবে আহত হৈছিল । নিহত সকলৰ ভিতৰত অধিকাংশয়ে ১২ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু আছিল । আৰক্ষীৰ মতে বোমাটো মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ কাষত সংস্থাপন কৰা হৈছিল আৰু ৰিমোট কনট্ৰলৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল । ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল প্ৰৱেশ দ্বাৰেৰে পাৰ যোৱাৰ সময়তেই বিস্ফোৰিত হৈছিল বোমাটো ।

শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল । ২০১৯ চনৰ ২০ জুন তাৰিখে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে বোমা বিস্ফোৰণ ওপৰত দিয়া ৰায়দানত ১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰিছিল । ৮ জনক উপযুক্ত সাক্ষী প্ৰমাণ নথকাৰ বাবে ৰেহাই দিয়া হৈছিল । মুহী সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলী গোহাঁই, লীলা গগৈ ওৰফে লীলা খানক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰশান্ত ভূঞা, হেমেন গগৈক চাৰি বছৰৰ কাৰাদণ্ডৰ ৰায় দিয়া হৈছিল ।

এই ঘটনাৰ পিছৰে পৰা স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ দৰে কাৰ্যসূচী উদযাপনৰ পূৰ্বে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈ আহিছে (Tightens security ahead of 74th Republic Day in Assam) ৷

লগতে পঢ়ক: 74th Republic Day: 74 তম গণৰাজ্য দিৱসৰ পূৰ্বে 44 নং ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.