74th Republic Day: 74 তম গণৰাজ্য দিৱসৰ পূৰ্বে 44 নং ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া নিৰাপত্তা

author img

By

Published : Jan 22, 2023, 8:30 AM IST

74th Republic Day

গণৰাজ্য দিৱসলৈ মাজত মাথো চাৰিটা দিন ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ( Army tightens security at NH44)৷

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: সমাগত 74 সংখ্যক গণৰাজ্য দিৱস (Tightens security ahead of 74th Republic Day) ৷ গণৰাজ্য দিৱসলৈ মাথো কেইটামান দিন থকাৰ লগে লগে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে ( Army tightens security at NH44)। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) (Central Reserve Police Force)137 নং বেটেলিয়ানে উধমপুৰত শক্তি বৃদ্ধি কৰাৰ লগতে যাতায়ত আৰু যান-বাহনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে নাকা তালাচী বহুৱাইছে ৷

137 নং বিএন চিআৰপিএফৰ ছেকেণ্ড-ইন-কমাণ্ড কাৰতাৰ সিঙে কয়, ‘‘গণতন্ত্ৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ শক্তি বৃদ্ধি কৰিছোঁ আৰু নাকা তালাচীও বহুৱাইছোঁ ৷ প্ৰতিখন বাহনৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ৷ বাহনৰ পৰীক্ষা কৰা হৈছে । আমি নিয়মীয়াকৈ তালাচী অভিযান চলাই আছোঁ আৰু অধিক সতৰ্কতা অৱলম্বন কৰিছোঁ ৷

গণৰাজ্য দিৱস সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে পৰিচালনাৰ কৰিবলৈ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে চিআৰপিএফে জম্মু-শ্ৰীনগৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিৰীক্ষণ কৰি আহিছে (Prevent any untoward incident)।

সিঙে লগতে কয় যে, অঞ্চলটোৰ ঘাইপথসমূহত চিআৰপিএফ ৰোড অপেনিং পাৰ্টি (আৰঅ'পি) আৰু কুইক ৰীএক্সন টীম (কিউআৰটি)ৰ বাহনসমূহে 24 ঘণ্টাই টহল দি আহিছে ৷ 44 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ টহলদাৰীসকলক সতৰ্ক কৰি দিয়া হৈছিল । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়োজিত চিআৰপিএফ জোৱানসকলক যাত্ৰীসকলক দ্ৰুত সেৱা প্ৰদান কৰিবলৈ আৰু গণৰাজ্য দিৱস উদযাপনৰ সময়ত যান-জঁট পৰিহাৰ কৰাত সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হৈছে ৷

চিআৰপিএফে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ বিশেষ প্ৰশিক্ষিত ডগ স্কোৱাডৰ সহায়ত 44 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ প্ৰান্তৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে । শুকুৰবাৰে জম্মু কাশ্মীৰ এগৰাকী আৰক্ষী বিষয়াই কোৱা অনুসৰি তেওঁলোকে পুঞ্চ জিলাতো নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে । নিৰাপত্তা বজাই ৰখাৰ বাবে নিৰাপত্তা বিষয়াসকলে অঞ্চলটোৰ প্ৰতিটো কোণত বাহিনী মোতায়েন কৰিছে ৷ জম্মু কাশ্মীৰ আৰক্ষীৰ এজন বিষয়াই শুকুৰবাৰে কোৱা অনুসৰি গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি আমি অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছো। আমি বাহিনী মোতায়েন কৰিছো যাতে কোনো কোণ আমাৰ দ্বাৰা অস্পৃশ্য নহয় ।

ৰাজৌৰী জিলাত শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা হত্যাকাণ্ডৰ বিষয়ে এগৰাকী বিষয়াই কয় যে, ৰাজৌৰীৰ ঘটনাৰ পিছত নাগৰিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষা গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে আমি নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভত কোনো ধৰণৰ ক্ৰুটি ৰাখিব বিচৰা নাই, এই অঞ্চলটোৰ লোকসকলৰ সুৰক্ষা আমাৰ হাতত ৷ আমি যিসমূহ এলেকা সন্দেহজনক বুলি আশংকা কৰো সেইসমূহ এলেকালৈ আমি আকস্মিকভাৱে ভ্ৰমণ কৰি, সেই পথেৰে অহা গাড়ী আৰু অন্যান্য বাহনসমূহ পৰীক্ষা নিৰীক্ষা কৰো ৷

উল্লেখ্য যে ১৭ জানুৱাৰীত জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে (Jammu and Kashmir DGP Dilbag Singh ) কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ অপৰাধ আৰু নিৰাপত্তাৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত সভাপতিত্ব কৰিছিল ।

লগতে পঢ়ক: UP judge accidentally shoots self: উত্তৰ প্ৰদেশৰ আদালতত গুলীবিদ্ধ ন্যায়াধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.