ETV Bharat / state

বান সাহাৰ্যৰ নাপালে জোনাইৰ 5 টাকৈ বানাক্ৰান্ত পৰিয়ালে

author img

By

Published : Jul 4, 2020, 7:59 PM IST

বান সাহাৰ্যৰ নাপালে জোনাইৰ 5 টাকৈ বানাক্ৰান্ত পৰিয়ালে
বান সাহাৰ্যৰ নাপালে জোনাইৰ 5 টাকৈ বানাক্ৰান্ত পৰিয়ালে

জোনাইৰ বেৰাচাপৰি লুহিজানত বানৰ আতংক ৷ চিয়াং লালী নদীৰ বাঢ়নী পানীয়ে সৰ্বশ্বান্ত কৰিছে অঞ্চলবাসীক ৷ বিগত দুদিনৰ পৰা বৰষুণৰ পৰিমাণ কমি অহাত বৰ্তমান পানী হ্ৰাস পাইছে যদিও বানাক্ৰান্ত ৰাইজে বৰ্তমানো নিজ বাসগৃহলৈ উভতিব পৰা নাই ৷ ইফালে জোনাই মহকুমা প্ৰশাসনে বানপীড়িতসকলক সাহাৰ্য আগবঢ়াইছে যদিও বৰ্তমানো বান সাহাৰ্য পোৱা নাই জলডুবি গাঁৱৰ ৫ টাকৈ পৰিয়ালে ৷ এই অভিযোগ বঞ্চিত হোৱা পৰিয়ালৰ ৷

জোনাই ৪ জুলাই : কৰ’ণাতংকৰ মাজতে সম্প্ৰতি সমগ্ৰ অসমতে বানে ত্ৰাসৰ সৃষ্টি কৰি আছে ৷ জোনাইৰ বেৰাচাপৰি লুহিজানৰ এক বৃহত্তৰ অঞ্চল চিয়াং লালী নদীৰ বাঢ়নী পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে । সংহাৰী বানৰ কৱলত পৰি অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলে নিজৰ ঘৰ-বাৰী এৰি মথাউৰিত আশ্ৰয় ল'বলগীয়া হয় ।

অৱশ্যে বিগত দুদিনৰ পৰা বৰষুণৰ পৰিমাণ কমি অহাত বৰ্তমান পানী হ্ৰাস পাইছে যদিও বানাক্ৰান্ত ৰাইজে বৰ্তমানো নিজ বাসগৃহলৈ উভতিব পৰা নাই ৷ কাৰণ অঞ্চলটোৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই । মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজে খাদ্য, বিশুদ্ধ খোৱাপানী, পিন্ধিবলৈ এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

বান সাহাৰ্যৰ নাপালে জোনাইৰ 5 টাকৈ বানাক্ৰান্ত পৰিয়ালে

জোনাই মহকুমা প্ৰশাসনে ইতিমধ্যে বানপীড়িত তথা মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক দুবাৰকৈ সাহাৰ্য প্ৰদান কৰিছে ৷ কিন্ত এয়া যেন পৰ্যাপ্ত নহয় ৷ এই বান সাহাৰ্য প্ৰদান কৰাত কিছু বিসংগতি হোৱা বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ উথাপন কৰে ৷

উল্লেখ্য যে, বৰ্তমানো বান সাহাৰ্য পোৱা নাই জলডুবি গাঁৱৰ ৫ টাকৈ পৰিয়ালে । জানিব পৰা মতে, অঞ্চলটোৰ লোহিত দত্তৰ পৰিয়ালৰ 6 জন, ৰতন গগৈৰ পৰিয়ালৰ 6 জন, ফুলমনি মুণ্ডাৰ এজন , অজিত মুণ্ডাৰ পৰিয়ালৰ 3 জন আৰু ফুলেশ্বৰ সিংহৰ পৰিয়ালৰ 6 জন লোক চৰকাৰী বান সাহাৰ্যৰ পৰা বঞ্চিত হৈছে ৷

বঞ্চিত পৰিয়ালকেইটাৰ অভিযোগ মৰ্মে, একেখন গাঁৱৰ ৰাইজে দুবাৰকৈ চৰকাৰীভাৱে বান সাহাৰ্য পাইছে ৷ কিন্তু এই 5 টা পৰিয়ালৰ 22 জন লোকৰ নাম চৰকাৰী সাহাৰ্যৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ৷

লগতে পঢ়ক : গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.