ETV Bharat / state

পশ্চিম ধেমাজিৰ নৰোৱাথানত ১৫১ সংখ্যক গান্ধী জয়ন্তী উদযাপন

author img

By

Published : Oct 2, 2020, 8:54 PM IST

পশ্চিম ধেমাজিৰ নৰোৱাথানত ১৫১ সংখ্যক গান্ধী জয়ন্তী উদযাপন কৰা হয় । এই উপলক্ষে নৰোৱাথান কৃষ্টি ভৱনত দেশৰ মহামাৰী কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি এখনি সভা আয়োজন কৰা হয় ৷

পশ্চিম ধেমাজিৰ নৰোৱাথানত ১৫১ সংখ্যক গান্ধী জয়ন্তী উদযাপন
পশ্চিম ধেমাজিৰ নৰোৱাথানত ১৫১ সংখ্যক গান্ধী জয়ন্তী উদযাপন

ধেমাজি, 2 অক্টোবৰ: সমগ্ৰ দেশৰ লগতে আজি ধেমাজিতো ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত নৰোৱাথান গাঁও আৰু জাতীয় মহিলা পৰিষদ পশ্চিম ধেমাজি আঞ্চলিক সমিতিৰ সহযোগত নৰোৱাথান কৃস্টি ভৱনত ১৫১ সংখ্যক গান্ধী জয়ন্তী উদযাপন কৰা হয় ৷

এই উপলক্ষে নৰোৱাথান কৃষ্টি ভৱনত দেশৰ মহামাৰী কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি এখনি সভা আয়োজন কৰা হয় ৷ সভাখনিত সভাপতিত্ব কৰে নৰোৱাথান গাঁও পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰোৱাথান গাঁও পঞ্চায়তৰ সচিব লোহিত চুতীয়াই ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নুৰ আহমেদ লস্কৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন আৰু আৰ্দশৰ ওপৰত তত্ত্ব গধুৰ বক্তব্য ৰাখে ৷

প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থকাত সভাখনিত নৰোৱাথান গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সুনীল সোণোৱাল , জাতীয় মহিলা পৰিষদৰ পশ্চিম ধেমাজি আঞ্চলিক সমিতিৰ সম্পাদিকা ইন্দিৰা ফুকন , যুটীয়া সম্পাদিকা কৃষ্ণা চুতীয়া , জিলা সমিতিৰ প্ৰচাৰ সম্পাদিকা চাৰু তালুকদাৰ উপস্থিত থাকে ৷

লগতে পঢ়ক : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা নাৰ্চ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.