ETV Bharat / state

জোনাইত বহিঃৰাজ্যৰ পৰা অহা 130 জনক কোৱাৰেন্টাইন

author img

By

Published : May 28, 2020, 10:20 AM IST

জোনাইত বহিঃ ৰাজ্যৰ পৰা অহা 130 জনক কোৱাৰেন্টাইন
জোনাইত বহিঃ ৰাজ্যৰ পৰা অহা 130 জনক কোৱাৰেন্টাইন

কোৱাৰেন্টাইন কৰা লোকসকলৰ 85 জনৰ পৰা নমুনা সংগ্ৰহ কৰি COVID-19 পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র'বায়'লজি (Microbiology) বিভাগলৈ ।

জোনাই 27 মে': লক ডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ধেমাজি জিলাৰ জোনাই অঞ্চলৰ 130 জন গৃহমুখী শ্ৰমিকক কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে । তেওঁলোকক মুৰ্কংচেলেক মহাবিদ্যালয় আৰু চিমেন চাপৰি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে ৷

শ্ৰমিকসকল আহিছে মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুনেৰ পৰা । ৰে'ল বা বাছেৰে আহি ধেমাজিত উপস্থিত হোৱাৰ পাচত তেওঁলোকক ধেমাজি জিলা আৰু জোনাই মহকুমা প্ৰশাসনে মুৰ্কংচেলেক মহাবিদ্যালয়ত 85 জন আৰু চিমেন চাপৰি মহাবিদ্যালয়ত 45 জনক কোৱাৰেন্টাইনত ৰখা হৈছে । স্বাস্থ্য বিভাগে 85 জনক স্কেনিং কৰোৱাৰ পিছত বৃহস্পতিবাৰে স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় মাইক্র'বায়'লজি (Microbiology) বিভাগলৈ । এই লোকসকলৰ বৰ্তমানলৈ ৰিপোৰ্ট আহি পোৱা নাই বুলি জোনাই মহকুমা স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.