চৰকাৰলৈ সহায়ৰ আহ্বান প্ৰবীন খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ

author img

By

Published : Sep 2, 2021, 10:51 PM IST

senior-player-ishwar-chandra-nath-calls-for-help-from-state-government
চৰকাৰলৈ সহায়ৰ আহ্বান প্ৰবীন খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ ()

ৰাজ্য চৰকাৰে উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে বিভিন্ন পদক্ষেপ অব্যাহত ৰখাৰ সয়মতে উপেক্ষিত হৈ ৰৈছে বহু প্ৰবীন খেলুৱৈ ৷ আজি আপোনাক চিনাকী কৰাব খুজিছো ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লাউজানৰ পাটগিৰিচুৱাৰ এগৰাকী তেনে খেলুৱৈৰ সতে ৷

দৰং,2 ছেপেম্বৰ: উঠি অহা নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কিছু অভিলাসী আঁচনি ৷ শেহতীয়া কেইবছৰ মানত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কেইবা গৰাকীও খেলুৱৈ উজ্বলি উঠাৰ পাছতে ক্ৰীড়া বিষয়টোত অধিক সচেতন হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ কোটি কোটি টকা ব্যয় কৰি ৰাজ্যৰ বহু কেইখন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৷

কিন্তু ইয়াৰ মাজতে উপেক্ষিত হৈ ৰৈছে ৰাজ্যৰ বহু প্ৰবীন খেলুৱৈ ৷ যিয়ে জীৱনৰ এচোৱা দীঘলীয়া সময় ক্ৰীড়াৰ নামতে পাৰ কৰিছে ৷ আজি আমি আপোনালোকক চিনাকী কৰাই দিব খুজিছো তেনে এজন ক্ৰীড়াবিদৰ সৈতে যিগৰাকীয়ে 90 ৰ দশকত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাঁচ শতাধিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ৷ আনকি ৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ হৈ প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল খেলুৱৈ গৰাকীয়ে ৷ এই খেলুৱৈ গৰাকী হৈছে ছিপাঝাৰৰ ঈশ্বৰ চন্দ্ৰ নাথ ৷

senior player Ishwar Chandra Nath calls for help from state government
প্ৰবীন খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ মানপত্ৰ সমূহ

বেংকৰ পৰা ঋণ লৈ বিভিন্ন খেল খেলিছিল ঈশ্বৰ চন্দ্ৰ নাথে ৷ কিন্তু কোনো এখন চৰকাৰেই সহায় নকৰিলে ঈশ্বৰক নাথক ৷ অকণমান সহায়ৰ বাবে বহু কেইজন জনপ্ৰতিনিধিৰ ওচৰ চাপিয়ো কোনোধৰণৰ সহায় লাভ নকৰিলে ঈশ্বৰ চন্দ্ৰ নাথে ৷ অৱশেষত চৰকাৰ-প্ৰশাসন বাদেই ঈশ্বৰৰ ওপৰতো বিশ্বাস হেৰুৱাই পেলাইছে ঈশ্বৰ নাথে ৷

খেলুৱৈ গৰাকীয়ে অত্যন্ত দুখ আৰু ক্ষোভেৰে আমাৰ সাংবাদিকৰ আগত কৈ গ'ল বহু কথা ৷ খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথে কয় " মই দৌৰ, সাঁতোৰ, চাইক্লিং আদি বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰি মেডেল, ট্ৰফী, প্ৰশংসা পত্ৰ পাবলৈ সক্ষম হৈছোঁ ৷ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় পাঁচ শতাধিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছো; কিন্তু আজিলৈকে কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ নকৰিলো ৷ যদি মোৰ ঘৰুৱা অৱস্থা ভাল হ'ল হেতেন মই আৰু ভাল ফলাফল দেখুৱাব পাৰিলোহেতেন ৷"

senior player Ishwar Chandra Nath calls for help from state government
পৰিয়ালৰ সতে ঈশ্বৰ চন্দ্ৰ নাথ

আনকি এটা চাকৰিৰ কাৰণে গুৱাহাটীলৈ 27 দিন চাইকেল লৈ যোৱাৰ কথাও জনালে খেলুৱৈ গৰাকীয়ে ৷ বৰ্তমান দিন হাজিৰা কৰি ঘৰ চলোৱা খেলুৱৈ গৰাকীয়ে এতিয়াও তেঁওৰ প্ৰমাণ পত্ৰ, ট্ৰফী, মেডেলসমূহ সযতনে ৰাখিছে ৷ উপায়ন্তৰ হৈ কিবা এটা সংস্থাপন দিবৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনলৈ কাতৰ অনুৰোধ জনাইছে প্ৰবীন খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথে ৷

লগতে পঢ়কঃ চতিয়ালৈ আহি কিয় অভিভূত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.