ETV Bharat / state

দৰঙত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আৰম্ভ

author img

By

Published : Jan 20, 2021, 8:14 PM IST

আৰম্ভ হ'ল ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 ৷ বুধবাৰে দৰঙ জিলাত শুভাৰম্ভ কৰা হ'ল ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ জিলা ভিত্তিক পথ সুৰক্ষা সজাগতা কাৰ্যসূচী ৷ জিলাখনত পথ দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰাতো এক প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰী বিভাগৰ লগতে উপস্থিত সকলো ৰাইজক আহ্বান মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ ৷

road safety month kicked off in darang
road safety month kicked off in darang

মঙলদৈ 20 জানুৱাৰী: 'পথ সুৰক্ষা জীৱন ৰক্ষা' শীৰ্ষক থিম লৈ এক সজাগতামূলক মটৰ চাইকেল ৰেলী অনুষ্ঠিত কৰাৰ পাছতে বুধবাৰে দৰং জিলাত মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 ৰ জিলা ভিত্তিক পথ সুৰক্ষা কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 উপলক্ষে দৰং জিলা পৰিবহণ বিভাগৰ উদ্যোগত বুধবাৰে মঙলদৈৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত কৰা হয় ।

বুধবাৰে জিলাখনত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 ৰ জিলা ভিত্তিক পথ সুৰক্ষা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়

জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে কয় যে পৰিবহণ বিভাগ, আৰক্ষী আদি আইন বলবৎকাৰী চৰকাৰী সংস্থাই যানবাহন আইন উলংঘনকাৰীক কেৱল জৰিমনা বিহি বা আন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি পথ দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰে ৷

পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে সকলো শ্ৰেণীৰ লোকৰ মাজত পথ সুৰক্ষাক লৈ সজাগতা থাকিব লাগিব বুলি মন্তব্য কৰি বিধায়ক দাসে জিলাখনত পথ দুৰ্ঘটনাৰ সংখ্যা ৰোধ কৰাতো এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট চৰকাৰী বিভাগৰ লগতে উপস্থিত সকলো ৰাইজক আহ্বান জনায় ৷

বুধবাৰৰ এই উদ্বোধনী অনুষ্ঠানত জিলা পৰিবহণ বিভাগৰ যান বাহন পৰিদৰ্শক দিগন্ত ডেকা, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বুধিন হাজৰিকা, উপ আৰক্ষী অধীক্ষক ক্ষীৰকান্ত বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, বিশিষ্ট ক্ৰীড়াবিদ বীৰেণ মেধিকে ধৰি বহুকেইগৰাকী নেতৃস্থানীয় ব্যক্তি, যুৱক-যুৱতী তথা জিলা পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:পথ নিৰ্মাণৰ দাবীত শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.