Dalgaon Bamboo Bridge: হাতযোৰ কৰি মামাক কাতৰ অনুৰোধ ভাগিনৰ

author img

By

Published : Nov 22, 2022, 4:58 PM IST

Dalgaon

নিতৌ বাঁহৰ সাঁকোৰে বিপদসংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ (Bamboo bridge at Dalgaon)। পকী দলঙৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা মামাক অনুৰোধ জনালে শিক্ষাৰ্থীয়ে । নানা সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৰ ৰাইজ ।

দলগাঁও, ২২ নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে একাংশ কণ-কণ শিক্ষাৰ্থীয়ে । এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ মামাক অনুৰোধ জনাইছে শিক্ষাৰ্থীসকলে (Students request Assam CM)।

হাতযোৰ কৰি মামাক কাতৰ অনুৰোধ ভাগিনৰ

দৰং জিলাৰ ঘটনা এয়া । চৰকাৰে উন্নয়নৰ শ্ল'গান দি আহিছে যদিও উন্নয়নৰ পোহৰ দেখা নাই দৰঙৰ মঙলদৈ সমষ্টিৰ ধূলা গাঁও পঞ্চায়তৰ ৰাইজে । যাৰ বাবে নানান সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৰ ৰাইজ (Public faced various problem in Dalgaon)। আন আন সমস্যাৰ লগতে অঞ্চলটোৰ যাতায়াতৰ সমস্যা দীৰ্ঘদিনীয়া ।

বাট-পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে ৰাইজক (Road problem at Dalgaon)। ইফালে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে নৈ পাৰ হৈছে সাধাৰণ এখন বাঁহৰ সাঁকোৰে । চৰাঞ্চলটোত দীৰ্ঘদিন ধৰি বিপদসংকুলভাৱে বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ অহা যোৱা কৰি আহিছে কণ‌-কণ ছাত্ৰ-ছাত্ৰী আৰু শ শ লোক । ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰু ২ নং মাগুৰমাৰী গাঁৱৰ লগত ধূলা সংযোগী পথত আছে একমাত্ৰ বাঁহৰ সাঁকোখন ।

প্ৰতিবছৰে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হয় বাঁহৰ সাঁকোখন । কিন্তু অতি বিপদজনক অৱস্থাত থকা দলংখনৰ মেৰামতি বা সেই স্থানত পকী দলং নিৰ্মাণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে । চৰকাৰে উন্নয়নৰ শ্ল'গান দি আহিছে যদিও মঙলদৈ সমষ্টিৰ উক্ত অঞ্চলটো এতিয়াও বহু পিছপৰি আছে ।

অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বহুবাৰ বিশেষকৈ দলংখন নিৰ্মাণৰ বাবে আবেদন জনাই আহিছে যদিও আজিলৈ কোনো গুৰুত্ব নল'লে । সেয়ে অৱশেষত কণ কণ শিক্ষাৰ্থীসকলে মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছে আৰু বাঁহৰ সাঁকো থকা ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ।

প্ৰতিটো নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি অঞ্চলটোত উপস্থিত হৈ দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া কাৰ্যত পৰিণত নহয় । কিন্তু এইবাৰ শিক্ষাৰ্থীৰ কথা মামাই শুনিবনে ? সেয়া সময়েহে ক'ব !

লগতে পঢ়ক :Ramakant Deori controversial remark: ৰমাকান্ত দেউৰীক নাকি লগোৱাৰ আহ্বান অসম ৰাজ্যিক বন কৰ্মচাৰী পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.