ETV Bharat / state

Flood in Darrang:ননৈ নদীৰ মথাউৰিৰ ছিঙা স্থান পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 4:18 PM IST

Flood news of Assam
ছিপাঝাৰ ২৫ খন গাঁও প্লাবিত

ছিপাঝাৰ ২৫ খন গাঁও প্লাবিত । দৰং জিলাৰ মথাউৰিৰ ছিঙা স্থান পৰিদৰ্শন কৰি শীঘ্ৰে মথাউৰি মেৰামতি কৰাৰ নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

দৰং, ২৯ আগষ্ট: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে পুৱা দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৱৰীপাৰাৰ জনসেৱাত উপস্থিত হৈ যোৱা নিশা ননৈ নদীৰ সোঁদিশে নদীৰ বাঢ়নী পানীত বিছিন্ন হৈ পৰা মথাউৰিৰ অৱস্থাৰ বুজ লয়। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত লোকৰো বুজ লয় । নিশা নদীৰ বাঢ়নী পানীয়ে মথাউৰি তথা পকীপথটো বিছিন্ন কৰি ছিপাঝাৰ সমষ্টিৰ ২৫ খন গাঁও প্লাবিত কৰে ।

ইপিনে,মথাউৰি ছিঙাৰ খবৰ লাভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিশাৰে পৰা বিভাগীয় মুখ্য অভিযন্তা আৰু জিলা প্ৰশাসকৰ লগত যোগাযোগ ৰাখে । আজি পুৱাতে মথাউৰি বিছিন্ন হোৱা অংশত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ বিভাগীয় মুখ্য অভিযন্তাক কাইলৈৰ পৰাই টিউবৰ ব্যৱহাৰ কৰি মথাউৰিটোৰ ছিগা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী হাজৰীকাই তেওঁলোকক আশ্বাস দি কয় যে পৰৱৰ্তী সাতৰ পৰা ১০ দিনৰ ভিতৰত মথাউৰিৰ ছিঙা অংশ সম্পূৰ্ণ মেৰামতি কৰি মথাউৰিটো যাতায়তৰ সুচল কৰি দিয়া হ'ব ।

আনহাতে, বানত ক্ষতিগ্ৰস্ত ৰাইজে যাতে তাৎক্ষণিকভাৱে চৰকাৰী সাহায্য় লাভ কৰে তাৰ সু-ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই জিলা আয়ুক্তক নিৰ্দেশ দিয়ে । যিসকলৰ ঘৰ সম্পূৰ্ণকৈ অথবা আংশিকভাৱে বিনষ্ট হৈছে তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত পাবলগা সকলো সহায় সোনকালে কৰি দিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তগৰাকীক নিৰ্দেশ দিয়ে ।

মন্ত্ৰী হাজৰীকাই কয় যে জলসম্পদ বিভাগে ৰাজ্যখনত বানৰ প্ৰকোপ হ্ৰাসৰ বাবে পাৰ্যমানে প্ৰয়াস কৰি আছে আৰু বহু ক্ষেত্ৰত সফলতা লাভ কৰিছে । ৰাজ্যখনৰ মূলনদী ব্ৰহ্মপুত্ৰত এইবাৰো যোৱা বৰ্ষৰ প্ৰায় সমানেই পানী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বৰ্ষত ৪১ টা স্থানত মথাউৰি ভঙাৰ বিপৰীতে এইবাৰ ৫ টা স্থানত মথাউৰি চিগিছে ।

আনহাতে, আগতে মথাউৰি ছিঙা অংশ মেৰামতিৰ বাবে প্ৰায় তিনিমাহ সময় লগাৰ বিপৰীতে এইবৰ্ষৰ পৰা মথাউৰি ছিঙাৰ সাত দিনৰ ভিতৰতে টিউবৰ সহায়েৰে ছিঙা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়েও সংগ দিয়ে ।

লগতে পঢ়ক:Embankment collapsed: ছিপাঝাৰত ননৈয়ে ছিঙিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.