ETV Bharat / state

দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু

author img

By

Published : Jul 9, 2021, 1:39 PM IST

pigs infected by swine flu in darrang
দৰঙত গাহৰিৰ দেহত ছোৱাইন ফ্লু

দৰঙৰ অকলিবাৰীত আফ্ৰিকান ছোৱাইন ফ্লু (African Swine Flu)ত আক্ৰান্ত শতাধিক গাহৰি ৷ অকলিবাৰীৰ গাহৰি পালক তীৰ্থ বড়োৰ ফাৰ্মৰ গাহৰিৰ পৰা লৈ যোৱা গাহৰিৰ তেজ আৰু অংগত ধৰা পৰিছে এই ৰোগ । ইয়াকে লৈ গাহৰি পালকসকলৰ মাজত তীব্ৰ আতংক ৷

দৰং, 9 জুলাই : এইবাৰ দৰং জিলাত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু (African Swine Flu) ৷ ইয়াকে লৈ গাহৰি পালকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ শেহতীয়াকৈ জুন মাহত দৰঙৰ অকলিবাৰীৰ গাহৰি পালক তীৰ্থ বড়োৰ ফাৰ্মৰ গাহৰিৰ পৰা লৈ যোৱা গাহৰিৰ তেজ আৰু অংগত ধৰা পৰিছে এই ৰোগ । জিলাখনত শতাধিক গাহৰিৰ মৃত্যুয়ে ইতিমধ্যে সংবাদ মাধ্যমযোগে চৰ্চা লাভ কৰি আহিছে ৷

বাতৰি প্ৰচাৰ হোৱাৰ পাচত গাহৰি পালকৰ ফাৰ্মত উপস্থিত হৈছিল খানাপাৰাৰ চিকিৎসা বিষয়া । আফ্ৰিকান ছোৱাইন ফ্লু (African Swine flu) ধৰা পৰাৰ লগে লগে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা আহি দৰঙত উপস্থিত হয় এটা চিকিৎসা বিশেষজ্ঞৰ দল । অকলিবাৰী, বাহজনী আৰু বৰমপুৰ অঞ্চলক ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন (Containment Zone) ঘোষণা কৰিছে প্ৰশাসনে ।

দৰঙত গাহৰিৰ দেহত ছোৱাইন ফ্লু

প্ৰশাসনৰ নিৰ্দেশানুসৰি, আগন্তুক তিনি মাহলৈ কোনো লোকে পুহিব নোৱাৰিব গাহৰি । তিনিমাহৰ অন্তত পুনৰ পৰীক্ষা কৰা হ’ব ৷ অকলিবাৰীৰ পৰা 1 কিল’মিটাৰ ব্যাসাৰ্ধ অঞ্চলত সকলো গাহৰি হত্যা কৰি পুতি থোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে, অকলিবাৰীৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধলৈ গাহৰি পোহা বা গাহৰি মাংসৰ ব্যৱসায়ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । এই কথা জানিব পাৰি বহু গাহৰি পালকে লোকচান হোৱাৰ চিন্তা কৰি লুকুৱাই থয় তেওঁলোকৰ গাহৰিবোৰ । ইফালে লুকুৱাই থোৱা গাহৰিৰ সন্ধানত নামি পৰিছে আৰক্ষী আৰু জিলা প্ৰশাসন । বৰ্তমান 20 টাতকৈও অধিক গাহৰি হত্যা কৰি পুতি থোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনৰ দলটোৱে ।

উল্লেখ্য যে, গুৱাহাটীৰ খানাপাৰাস্থিত ‘NERDDL Animal Health Centre’ৰ পৰীক্ষাগাৰত পৰীক্ষা কৰোৱা হৈছিল দৰঙৰ অকলিবাৰীৰ তীৰ্থ বড়োৰ ফাৰ্মৰ পৰা সংগ্ৰহ কৰা মৃত গাহৰিৰ তেজ আৰু অংগ । গাহৰি পালক তীৰ্থ বড়োৰ ফার্মতেই প্ৰায় 80 টা গাহৰিৰ মৃত্যু হয় । সেইদৰে স্থানীয় বহু সৰু-বৰ গাহৰি পালকৰো বিগত 2-3 মাহৰ ভিতৰত বহুকেইটা গাহৰিৰ মৃত্যু হয় ৷

লগতে পঢ়ক : কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.