Garukhuti Agriculture Project : গৰুখুটিত নেতা মন্ত্ৰীৰ ভিৰ

author img

By

Published : Dec 7, 2021, 8:22 PM IST

minister-for-handloom-and-textile-ug-brahma-visits-garukhuti-agriculture-project

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগীয় মন্ত্ৰীকে দহ দিনৰ ভিতৰত এই কৃষি প্ৰকল্পটোত স্থাপন কৰা বিভাগসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল(CM Himanta ordered ministers to visit Garukhuti) ৷ ইয়াৰ পিছতে মঙলবাৰে গৰুখুটি বহুমূখী কৃষি প্ৰকল্প পৰিদৰ্শন ৰাজ্যৰ ভুমি সংৰক্ষণ, হস্ত-তাঁত আৰু বস্ত্ৰ- শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ সবিশেষ জানো আহক ৷

দৰং, 7 ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প হিচাপে বিবেচিত হোৱা গৰুখুটি বহুমূখী কৃষি প্ৰকল্পক লৈ সম্প্ৰতি ব্যস্ত হৈ পৰা দেখা গৈছে ৰাজ্যৰ বিয়াগোম নেতা মন্ত্ৰীক (VVIP visit to Garukhuti agriculture project)৷ মঙলবাৰে ৰাজ্যৰ ভূমি সংৰক্ষণ তথা হস্ত-তাঁত আৰু বস্ত্ৰ-শিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পৰিদৰ্শন কৰিলে গৰুখুটি বহুমূখী কৃষি প্ৰকল্প(Minister for Handloom & Textile UG Brahma visits Garukhuti) ৷

উল্লেখযোগ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো বিভাগীয় মন্ত্ৰীকে দহ দিনৰ ভিতৰত এই কৃষি প্ৰকল্পটোত স্থাপন কৰা বিভাগসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল(CM Himanta ordered ministers to visit Garukhuti) ৷ এই নিৰ্দেশ পালন কৰিয়েই মঙলবাৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকল্পটোত উৎপাদন আৰম্ভ কৰা বয়ন শিল্প কৰ্মৰ সবিশেষ বুজ লয় ৷ ৰেচম বিভাগে নতুনকৈ কৰা কাম পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

কৃষি প্ৰকল্পটোত আৰম্ভ কৰা ৰেচম শিল্পৰ অধীনত আধুনিক প্ৰযুক্তিৰে এক আদৰ্শ এড়ী পালন, সূঁতা আৰু বস্ত্ৰ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পোষকতা কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ লগতে কৃষি প্ৰকল্পটোৰ মাজৰ ব্ৰহ্মপুত্ৰৰ সুঁতিৰ খহনীয়া ৰোধ কৰিবলৈ অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীৰ সমগ্ৰ গৰুখুটি কৃষি প্ৰকল্প পৰিদৰ্শন কালত সংগ দিয়ে বি. টি. আৰৰ অধ্যক্ষ কান্তিৰাম বড়ো, কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকলে ৷

লগতে পঢ়ক : কাৰাগাৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক শ্বেৰমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.