ETV Bharat / state

Flood in Assam : দৰঙত নোৱা নৈয়ে ছিঙিলে দুটাকৈ মথাউৰি; বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পাটোৱাৰীয়ে

author img

By

Published : Jun 18, 2023, 11:02 PM IST

Minister Chandra Mohan Patowary visited Darrang district
দৰঙলৈ অশনি সংকেত, নোৱা নৈয়ে চিগিলে দুটাকৈ মথাউৰি

চলিত বৰ্ষৰ প্ৰথমটো বানতে দৰঙত ছিগিল দুটাকৈ মথাউৰি ৷ নোৱা নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ দুটাকৈ মথাউৰি ছিগাৰ পিচতে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লয় ৷

দৰং, 18 জুন: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । বিশেষকৈ চুবুৰীয়া ভূটান পাহাৰৰ পৰা নামি অহা নদীৰ জলধাৰা বৃদ্ধি পোৱাত জিলাখনত বানে ভয়াৱহ ৰূপ হৈছে । যোৱা তিনি দিন ধৰি নোৱা নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ উত্তৰ অঞ্চলৰ উদমাৰী, গৰুবান্ধা, ৰাজঘাট আদি গাঁৱত বানৰ সৃষ্টি কৰাৰ পিচতেই শনিবাৰে মঙলদৈ চহৰৰ নিকটৱৰ্তী কমাৰপাৰাত নোৱা নৈৰ বাঁওফালৰ মথাউৰিটোৰ প্ৰায় 20/25 মিটাৰ ছিঙি নিয়ে ।

দিনৰ প্ৰায় 12 বজাত মথাউৰিটো ছিগাৰ পিচত পূব দিশৰ গাঁওসমূহত পানী সোমাই । দেওবাৰে বিয়লি ভাগলৈ কমাৰপাৰা, গোঁসাইগাঁও, টেঙাখাটি, কপালীবস্তিত বাট পথৰ লগতে ঘৰে ঘৰে পানী সোমাই । এই বাঢ়নী পানীয়ে গাঁওসমূহৰ পুখুৰী, খেতি-বাতিৰ লগতে বস্তিসমূহত পানী সোমোৱাৰ ফলত ৰাইজৰ ব্যাপক ক্ষতি সাধন হৈছে ।

ইফালে নোৱা নৈৰ বাঢ়নী পানীয়ে ৰাজঘাট অঞ্চলত ব্যাপক ক্ষতিসাধন কৰিছে ৷ ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰৰ পৰা পানী সোমোৱাত বিদ্যালয়খন বন্ধ কৰি দিয়া হৈছে । শেহতীয়াকৈ সমগ্ৰ জিলাখনৰে উপনৈসমূহৰ পানী ফেনে-ফুটুকাৰে বাঢ়ি আহিছে ৷ বিশেষকৈ নোৱা, ননৈ, শাকতোলা, ধনশ্ৰী আদি নৈ উপনৈত পানী বঢ়াৰ ফলত চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন ।

দেওবাৰ অৰ্থাৎ আজি দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কমাৰপাৰাৰ নোৱা নৈৰ ভঙা মথাউৰিটো পৰিদৰ্শন কৰি জলসম্পদ বিভাগক শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্ৰদেশনা দিয়ে ৷

আনহাতে পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি জিলা উপায়ুক্ত মুনিন্দ নাথ ঙাটে জিলাখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । ইয়াৰোপৰি জিলা আৰক্ষী অধিক্ষক প্ৰকাশ সোণোৱালে আজি বিয়লি কমাৰপাৰা আৰু গোসাইগাঁও পৰিদৰ্শন কৰে ।

মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই জিলা উপায়ুক্তৰ সৈতে জিলাখনৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানপীড়িতসকলৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে । সাংসদগৰাকীয়ে বিজেৰ সকলো বিভাগৰ দলীয় কৰ্মকৰ্তাক ৰাইজৰ কাষত থাকি সহায় কৰিবলৈ আহ্বান জনায় ।

বিগত বছৰত ভয়াৱহ বানৰ পিচত এইবাৰ প্ৰথমটো বানতেই এইদৰে মথাউৰি ছিগি গাঁৱত পানী উঠাত ৰাইজ শংকিত হৈ পৰিছে । যোৱা বছৰ শাকতোলা নদীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছিল ৷ ঠিক তেনেদৰে এইবাৰ নোৱা নদীয়ে প্ৰথমটো বানতে জিলাখনৰ দুঠাইত মথাউৰি ভাঙি নিয়াত আগন্তুক দিনত জিলাখনৰ বহুকেইটা অঞ্চল বানত প্লাবিত হোৱাৰ আশংকা আছে ৷

লগতে পঢ়ক: Orange alert in Assam: প্ৰথমটো বানত ৩৪ হাজাৰৰো অধিক ক্ষতিগ্ৰস্ত, ২০ জুনলৈ বতৰৰ সতর্কতা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.